ৰূপহীহাটৰ ভূৰবন্ধাত মানৱ সমাজক লজ্জানত কৰা কাণ্ড!
পশুধনক ধৰ্ষণ ? গ্ৰেপ্তাৰ জয়ন্ত মণ্ডল !
ৰূপহীহাট:
অতি জঘন্য! নৰাধম! ঘৃণনীয়!
ৰূপহীহাটৰ ভূৰবন্ধাত মানৱ সমাজক লজ্জানত কৰা এক নিকৃষ্ট ঘটনা সংঘটিত হৈছে ৷ ভুৰবন্ধাক পথাৰত এৰাল দিয়া পশুধনক নিৰ্জন স্থানত নি চাৰি ঠেং বান্ধি জয়ন্ত মণ্ডল নামৰ যুৱকে নিজৰ অসৎ মনোবৃত্তি চৰিতাৰ্থ কৰে। লম্পট চৰিত্ৰৰ যুৱকজনে পশুধনৰ সৈতে কৰা এই অপকৰ্মৰ কথা বিয়পি পৰাত অঞ্চলটোৰ ৰাইজ লজ্জানত হৈ পৰিছে৷গৌ-মাতা বুলি চৰকাৰে আইন কাৰ্যকৰী কৰাৰ সময়তে এনেদৰে যুৱকজনে কু চৰিতাৰ্থ কামনা পুৰন কৰিবলৈ গৈ পশুধনক ধৰ্ষণ কৰাৰ পাছতে গৃহস্থৰ অভিযোগৰ পাছত প্ৰমানসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷পশুধনৰ গৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট জয়ন্ত মণ্ডলক গ্ৰেপ্তাৰ কৰি ৰঙা ঘৰৰ আলহী কৰিছে ৷