মালিক পক্ষৰ বিৰুদ্ধে শোষণ-বঞ্চনাৰ অভিযোগ
শিমলীতোলা চাহ বাগিচাত শতাধিক শ্ৰমিক-মজদুৰৰ উত্তাল প্ৰতিবাদ
নগৰবেৰা:
শতাধিক চাহ শ্ৰমিক মজদুৰৰ প্ৰতিবাদত কঁপি উঠিল গোৱালপাৰাৰ শিমলীতোলা চাহ বাগিচা ,মালিক পক্ষৰ বিৰুদ্ধে শোষণ-বঞ্চনাৰ অভিযোগ তুলি সোমবাৰৰ পুৱাই বাগিচাখনৰ কাৰখানাৰ সন্মুখত এই প্ৰতিবাদ সাৱ্যস্ত কৰাৰ উপৰি পাছলৈ বাগিচাৰ ৰাজপথত প্ৰতিবাদী সমদলো উলিয়ায়।উল্লেখ্য যে বিগত প্ৰায় ডেৰ বছৰ ধৰি বন্ধ হৈ আছে বাগিচাৰ সকলো কাম-কাজ ,ফলত ভীষণ আৰ্থিক অনাটনত ভুগিছে বাগিচাৰ শ্ৰমিক সকল। মালিক শুভ্ৰজ্যোতি ভৰালীয়ে নিজা খেয়াল-খুচি মতে কাম বন্ধ কৰি দিয়া আৰু শ্ৰমিক মজদুৰৰ প্ৰাপ্য ধনৰ

চৰকাৰী পক্ষক বহু আবেদন-নিবেদন জনোৱাৰ উপৰি শ্ৰম বিভাগক অৱগত কৰিও কোনো সুফল নাপাই জাঙুৰ খাই উঠিছে বাগিচাৰ শ্ৰমিক সকল।সেয়ে বাগিচাত অতঃদিনে কৰ্ম কৰি পৰিয়াল ভৰণপোষণ দিয়া শ্ৰমিক-মজদুৰ সকলক শীঘ্ৰে প্ৰাপ্য ধন আদায় দিয়াৰ দাবীত মালিক পক্ষক সকীয়াই বাগিচা কাৰখানাৰ সন্মুখত সমবেত হৈ উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে বাগিচাখনৰ শ্ৰমিক-মজদুৰ সকলে ,ৰাজপথত এক প্ৰতিবাদী সমদলো উলিওৱা হয়।আনহাতে শ্ৰমিক সকলৰ বকেয়া পাৰিশ্ৰমিক আগধৰি আদায় নিয়া পৰ্যন্ত মালিক পক্ষৰ বাগিচাত প্ৰবেশ নিষিদ্ধ আৰু প্ৰয়োজনত আগলৈ ৰাজপথত প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শ্ৰমিক-মজদুৰ সকলে।