মুখ্যমন্ত্ৰীৰ ব্লেংক শ্বট্ এনিমেচনক লৈ সৰৱ লুৰীণজ্যোতি গগৈ
ডকাইতৰ চৰ্দাৰৰ ৰূপত প্ৰস্তুত কৰা ছৱিখনে মানুহৰ ভয়-শংকা সৃষ্টি কৰিছে:লুৰীণ
চাইন অন ডেস্ক:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডকাইতৰ চৰ্দাৰ। মিঞালৈ বন্দুক টোৱাই ব্লেংক শ্বট্ মৰা এনিমেচনক লৈ বিশ্বজুৰি আলোড়ন সৃষ্টি কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সমালোচনাৰে থকা-সৰকা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। কৃত্ৰিম
বুদ্ধিমত্তাৰ জৰিয়তে বিজেপিৰ আই টি চেলে প্ৰস্তুত কৰা এখন বিশেষ ফটো প্ৰদৰ্শন কৰি লুৰীণজ্যোতি গগৈয়ে কটাক্ষ কৰি কয় যে, এই ফটোখন দেখি এনেকুৱা লাগিছে যে এইজন অসমৰ মুখ্যমন্ত্ৰী নহয় যেন কোনোবা ডকাইতৰ চৰ্দাৰহে। এই ছৱিখনে কি প্ৰমাণ কৰিছে?
এটা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছিল। কটন কলেজত অধ্যয়নৰত অৱস্থাত পিষ্টল লৈ উন্মুক্ত হৈ ঘূৰি ফুৰাৰ দৰে ডকাইতৰ চৰ্দাৰৰ ৰূপত প্ৰস্তুত কৰা ছৱিখনে মানুহৰ ভয়-শংকা সৃষ্টি কৰিছে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে ব্লেংক শ্বট্ মৰা এনিমেচনে বিশ্বজুৰি তোলপাৰ লগাইছে। মুখ্যমন্ত্ৰীয়ে বিশ্ববাসীৰ সন্মুখত অসমৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিক লজ্জানত কৰিলে। বিশ্বদৰবাৰত ঘৃণাৰে উপচাই পেলোৱা ভিডিঅ’টো বিজেপিৰ ফেচবুক পেজৰ পৰা ডিলিট কৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো অৱজ্ঞা কৰিছে। এই ভিডিঅ’টোৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে আততায়ী আৰু নিকৃষ্ট মানসিকতাৰে ৭ ফেব্ৰুৱাৰীত সামাজিক মাধ্যমত আপলোড কৰিছিল। ব্যাপক সমালোচনাৰ পাছতে ভিডিঅ’টো ডিলিট কৰি মুখ্যমন্ত্ৰীয়ে অজ্ঞতা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কথাই প্ৰতি অসম দেশৰ ভিতৰত পাঁচখন শ্ৰেষ্ঠ ৰাজ্যলৈ পৰিণত কৰাৰ কথা কৈ আহিছিল। আমি সকলোৱে উন্নয়নৰ সাগৰ বোৱাব বুলি আশা কৰিছিলোঁ। চৌদিশে সুশাসন-উন্নয়ন, শিক্ষা, স্বাস্থ্য, যোগাযোগ, অৰ্থনীতি সকলোতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা কৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা ভিডিঅ’ আপলোড কৰি সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীৰ আগত অসমবাসীক লজ্জানত কৰা বুলি সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি গগৈয়ে এই বুলিও অভিযোগ কৰি কয় যে, সাম্প্ৰদায়িকতা, ঘৃণাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। উন্নয়নৰ ফটা-ঢোল কোবাই নিৰ্বাচনী বৈতৰণী পাৰ কৰা অপচেষ্টা চলাইছে। উন্নয়ন যদি হৈছে অসমৰ নহয়, মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ হৈছে। চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি পত্নীৰ নামত ব্যক্তিগত বিদ্যালয় স্থাপন কৰি শিক্ষাৰ নামত ব্যৱসায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে লুৰীণজ্যোতি গগৈয়ে। বিশ্ববাসীৰ সন্মুখত অসমক লজ্জানত কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। একেটা সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে বিৰোধীৰ মিত্ৰতা প্ৰসংগতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। মিত্ৰতাক লৈ বিৰোধী দলসমূহৰ মাজত আলোচনা অব্যাহত থকা বুলি উল্লেখ কৰি আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিক পুলিয়ে-পোখাই উভালি পেলোৱাৰ লক্ষ্য গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। ইতিমধ্যে জাতীয় কংগ্ৰেছৰ সৈতে আলোচনা চলি থকা বুলি জানিবলৈ অতি সোনকালে মিত্ৰতাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও সদৰি কৰে। একে প্ৰসংগত লুৰীণজ্যোতি গগৈয়ে কয়, ২৬’ৰ নিৰ্বাচনক লৈ মুখ্য মন্ত্ৰী ভীষণ ভীতিগ্ৰস্ত। তেওঁ দেশৰ বিভিন্ন স্থানৰ পৰা সাংবাদিক সকলক মাতি আনি সংবাদমেল সম্বোধন কৰি গৌৰব গগৈয়ে পাকিস্তান ভ্ৰমণৰ কথা উল্লেখ কৰি এখন নাটক কৰিলে। যদি যোৱা তিনিমাহে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত নীৰৱ হৈ আছিল তাৰ মানে মুখ্যমন্ত্ৰীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা দিশত ভাবুকি লৈ অনা কাম কৰি আহিছে। গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিছে, তেন্তে সকলো তথ্য দেশৰ গৃহ বিভাগৰ হাতত আছে। গতিকে গৃহ বিভাগৰ দায়িত্ব গৃহ বিভাগে পালন কৰক। যিটো এন জি অ’ৰ কথা কৈ গৌৰৱ গগৈৰ পৰিবাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে সেইটো এন জি অ’ গুজৰাটত কাম কৰি গৈছে। উল্লেখ্য যে, আজিৰ সংবাদমেলত অজাপৰ উপ-সভাপতি মইনাক পাত্ৰ উপস্থিত থাকে।