...

ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা

Spread the love

ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা

কেৰেলাক হৰুৱাই চেম্পিয়ন চাৰ্ভিছেচ দল

ঢকুৱাখনা:

৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ চূড়ান্ত খেলত চাৰ্ভিছেচ দলে কেৰেলা দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয়।
ঢকুৱাখনাৰ মাতমৰাস্থিত বিষ্টুৰাম দলে ক্রীড়া প্ৰকল্পত আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত কেৰেলা, চাৰ্ভিছেচ দুয়োটা দলেই সাৱধানতাৰে আৰম্ভ কৰে আৰু নিয়মীয়া ৯০ মিনিট গলশুন্যভাবে সমাপ্ত হোৱাত অতিৰিক্ত সময়ৰ
১০৯ মিনিটত শুভম ৰানাই সোঁদিশৰ পৰা দিয়া এটা ক্ৰছক কেৰেলাৰ ৰক্ষণ বিভাগে ক্লিয়াৰ কৰিবলৈ ব্যৰ্থ হোৱাত বক্সৰ মাজৰ পৰা অভিষেক পাৱাৰে চাৰ্ভিছেচ দলৰ হৈ একমাত্ৰ তথা প্ৰতিযোগিতাৰ বিজয়ী গল কৰে ।এই গলৰ পিছত কেৰেলা দলে সমতা স্থাপন কৰাৰ চেষ্টা কৰিছিল যদিও চাৰ্ভিছেচ দলৰ সুশৃংখলিত ৰক্ষণ বিভাগে পৰিস্থিতি চম্ভালি লয় ।কেৰেলাৰ মুখ্য প্ৰশিক্ষক এমজি ৰামাচন্দ্ৰনে কয় যে কেৰেলা দল প্ৰতিযোগিতাৰ অন্যতম শ্ৰেষ্ঠ দল আৰু এইখন খেল দলৰ বাবে কঠিন আছিল । সন্তোষ ট্ৰফী প্ৰতিযোগিতা আমি পৰিকল্পনাৰে চলিছিলোঁ আৰু আজিৰ খেলটো পৰিকল্পনাৰে আহিছিলো আৰু যাৰ বাবে আমি সফলতা পালোঁ । সৰ্বভাৰতীয় ফুটবল দলৰ কোষধক্ষ্য অজয় কিপাই অসম ফুটবল সন্থাক সন্তোষ ট্ৰফীৰ চূড়ান্ত ৰাউণ্ড সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনাই । তেওঁ কয় যে ঢকুৱাখনা আৰু চিলাপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ফুটবল প্ৰসাৰ কৰাৰ পদক্ষেপ সৰ্বভাৰতীয় ফুটবল প্ৰতিষ্ঠানে লৈছে।প্ৰায় ৮ সহস্ৰাধিক ফুটবলপ্ৰেমী উপস্থিত থকা চূড়ান্ত খেলখনত মন্ত্ৰী ডা: ৰণোজ পেগু,অসম ফুটবল সন্থাৰ সভাপতি তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলে, সম্পাদক ড ° চাংগ্ৰাং ব্ৰহ্ম, কোষাধ্যক্ষ হীৰেন গগৈৰ লগতে অসম ফুটবল সন্থাৰ বিষয়-ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *