অৰুণাচলৰ মায়দিয়াত আৰক্ষীৰ জোৱানক বাঘৰ আক্ৰমণ
জোৱানৰ মৃতদেহ উদ্ধাৰৰ পাছত গুলিবিদ্ধ মৃত বাঘ উদ্ধাৰ!
চাইন অন ডেস্ক:

বাঘৰ মৃতদেহ লক্ষ্য কৰি এয়া কোনোবাই প্ৰতিশোধমূলক ভাবে হত্যা কৰাৰ সন্দেহ কৰা হৈছে।শেহতীয়াকৈ বাঘে মুক্ত বিচৰণ কৰাৰ স্থান আছিল ৰয়িং-আনিনি পথ (এন এইচ-৩১৩)ৰ বনাঞ্চল মায়’ডিয়া।উক্ত পথৰ কাষতে এই আৰক্ষীৰ জোৱানৰ মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল আৰু উক্ত অঞ্চলতে এই বাঘটো উদ্ধাৰ কৰা হৈছে।

এই কাণ্ডৰ ফলত ল’ৱাৰ দিবাং উপত্যকা জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে জীৱনৰ সুৰক্ষাৰ কথা ভাবি, বাঘৰ মুক্ত বিচৰণ কৰি থকা মেহাও বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰৰ উক্ত বিপদজনক পথত বিশেষকৈ দুচকীয়া বাহনত নিশাৰ যাত্ৰাত বাধা আৰোপ কৰে।
মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনা মেইনকে ধৰি অন্যান্য নেতাসকলে এই শোকাৱহ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি বিভাগীয় অনুসন্ধান, শোকসন্তপ্ত পৰিয়ালক এক্স-গ্ৰেচিয়া ধন দিয়াৰ কথা ঘোষণা কৰাৰ লগতে,সেই অঞ্চলত বন বিভাগৰ টহল তীব্ৰতৰ কৰাকে ধৰি প্ৰতিৰোধমূলক ব্যৱস্থা বৃদ্ধি কৰে।

বন্যপ্ৰাণী কৰিডৰত মানুহ-বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পোৱাত যথেষ্ট উদ্বেগ বৃদ্ধি কৰিছে।অৰুণাচলৰ বন বিভাগ আৰু আৰক্ষী কৰ্তৃপক্ষই এতিয়া তদন্ত কৰিছে যে বাঘটোৰ মৃত্যুৰ সৈতে কোনো লোক জৰিত আছে নেকি ? বা আৰক্ষীৰ জোৱান গৰাকীক মাৰাত্মক আক্ৰমণৰ পিছত প্ৰতিশোধমূলক ব্যৱস্থা হিচাপে নিধন কৰা হৈছিল, নে অন্য কোনো পৰিস্থিতিৰ ফলত হৈছিল। সেয়া নিশ্চিত কৰিবৰ বাবেই তদন্ত অব্যাহত ৰাখিব।