...

তৃতীয় বাৰ্ষিক অসম টি গ’ল্ডেন কাপ আন্তঃবাগিচা মহিলা ফুটবল

Spread the love

তৃতীয় বাৰ্ষিক অসম টি গ’ল্ডেন কাপ আন্তঃবাগিচা মহিলা ফুটবল

চুড়ান্ত খেলত টিমনা চাহ বাগিচা ফুটবল দল ১-০গলত জয়ী

ৰাৰ্ণাচ আপ খিতাপ অৰ্জন চেঁচা চাহ বাগিচা মহিলা ফুটবল দল

চাইন অন ডেস্কঃ অসম চাহ জনগোষ্ঠী আদিবাসী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্বাৱধানত, তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ সহযোগত যোৱা ২৩জানুৱাৰীৰ পৰা ২৬জানুৱাৰীলৈ অনুষ্ঠিত হোৱা তৃতীয় বাৰ্ষিক অসম টি গ’ল্ডেন কাপ ৰাজ্যিক পৰ্যায়ৰ আন্তঃচাহবাগিচা মহিলা ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন কালি টিমনা বাগিচা বনাম চেঁচা চাহ বাগিচা মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য মুঠ দহটা মহিলা ফুটবল দলে অংশগ্ৰহণ কৰা অসম টি গ’ল্ডেন কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত বিজয়ী হৈ টিমনা চাহ বাগিচা মহিলা ফুটবল দল আৰু চেঁচা চাহ বাগিচাই চুড়ান্ত প্ৰতিযোগিতাত প্ৰবেশ কৰে। মহিলা ফুটবল উক্ত চুড়ান্ত ফুটবল প্ৰতিযোগিতা খেল খনত টিমনা চাহ বাগিচা মহিলা ফুটবল দলে চেঁচা চাহ বাগিচা মহিলা ফুটবল দলক ১-০গলত পৰাস্ত কৰি প্ৰথম বিজয়ী খিতাপ অৰ্জন কৰে আৰু চেঁচা চাহ বাগিচা মহিলা ফুটবল দলে ৰাৰ্ণাছ আপ খিতাপ দ্বিতীয় বিজয়ী অৰ্জন কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববৰেণ্য শিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, বিশিষ্ট সাহিত্যিক তথা অসমৰ মুখ্যমন্ত্ৰীৰ ডঃহিমন্ত বিশ্ব শৰ্মাৰ পিতৃ প্ৰয়াত কৈলাস নাথ শৰ্মা, বিশিষ্ট সমাজসেৱক মহাদেউ জালান, চাহ শ্ৰমিক নেতা ক্ৰমে চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপ্নৰ সোঁৱৰণত বন্তি প্ৰজ্বলন আৰু পূষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধাৰ্ঘ নিবেদন জনোৱা হয়।

ফুটবল প্ৰতিযোগিতা উদ্ধোধনীৰ সৈতে সংগতি ৰাখি বিশিষ্ট শিল্পী অৰ্জুন চাহুৱে গীত পৰিৱেশন কৰে। প্ৰতিযোগিতাৰ চুড়ান্ত ফুটবল খেল খন উদ্ধোধন কৰে লেপেটকটা চাহ বাগিচাৰ পৰিচালক ৰজত দাসে। অসম টি গ’ল্ডেন কাপ ৰাজ্যিক পৰ্যায়ৰ আন্তঃচাহবাগিচা মহিলা ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত প্ৰথম বিজয়ী টিমনা চাহ বাগিচা মহিলা ফুটবল দলক নগদ ত্ৰিছ হাজাৰ টকা (৩০,০০০.০০টকা) সহ বিশিষ্ট সাহিত্যিক প্ৰয়াত কৈলাশ নাথ শৰ্মা সোঁৱৰণত ট্ৰফি, ৰাৰ্ণাছ আপ খিতাপ অৰ্জন কৰা দ্বিতীয় বিজয়ী চেঁচা চাহ বাগিচা মহিলা ফুটবল দলটোক সমাজসেৱক মহাদেউ জালান সোঁৱৰণী ট্ৰফি সহ নগদ বিশ(২০,০০০.০০) টকা, তৃতীয় বিজয়ী বৰবৰুৱা চাহ বাগিচা মহিলা ফুটবল দলটোক ট্ৰফি সহ নগদ পাছ (৫০০০.০০)টকা চাহ শ্ৰমিক নেতা ছাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপ্নৰ সোঁৱৰণী বঁটাৰ প্ৰতিযোগিতাৰ উমেনচ অৱ টুৰ্ণামেণ্ট অৰ্জন কৰে টিমনা চাহ বাগিচা মহিলা ফুটবল দলৰ পূৰ্ণিমা ভূঞাই, শ্ৰেষ্ঠ গল ৰক্ষকৰ সন্মান অৰ্জন কৰে টিমনা্ চাহ বাগিচা মহিলা ফুটবল দলৰ জোনাকী বৰুৱাক হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হয়।

বঁটা বিতৰণী সভাত সন্মানীয় অতিথি হিচাপে ডিব্ৰুগড় ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (বৰবৰুৱা) অধ্যক্ষ ৰাজু গোপাল , ক্ৰীড়া আয়ুক্ত ধীৰেন বৰুৱা, অসম ফুটবল সন্থাৰ হৈ ৰণধীৰ দাস , সমাজকৰ্মী দীপক তাঁতী, প্ৰমুখ্যে বিধায়ক চক্ৰধৰ গগৈৰ হৈ প্ৰতিনিধি বলো বৰগোহাঁই প্ৰমুখ্যে অংশগ্ৰহণ কৰে আৰু বঁটা বিতৰণ কৰে। অনুষ্ঠানত অসম টি গ’ল্ডেন কাপ ৰাজ্যিক পৰ্যায়ৰ তৃতীয় বাৰ্ষিক আন্তঃচাহবাগিচা মহিলা ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ সভাপতি পৰাগ দত্তই তৃতীয় বাৰ্ষিক অসম টি গ’ল্ডেন কাপ ফুটবল প্ৰতিযোগিতা খনে ভৱিষ্যতৰ দিনত চাহ জনগোষ্ঠী আৰু আদিবাসী ক্ৰীড়া প্ৰতিযোগিতা ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত অসম চাহ জনগোষ্ঠী আৰু আদিবাসী ক্ৰীড়া সংস্থাৰ সম্পাদক ৰাজেশ বদন নায়কে বিগত তিনিটা বছৰে অনুষ্ঠিত কৰা অসম টি গ’ল্ডেন কাপ ৰাজ্যিক পৰ্যায়ৰ আন্তঃচাহবাগিচা মহিলা ফুটবল প্ৰতিযোগিতাখনে সমগ্ৰ অসমতে ক্ৰীড়া ক্ষেত্ৰখনলৈ আশাৰ প্ৰতিফলন ঘটাইছে বুলি প্ৰকাশ কৰে আৰু তৃতীয় বাৰ্ষিক অসম টি গ’ল্ডেন কাপ ফুটবল প্ৰতিযোগিতাখন সফল কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।অসম টি গ’ল্ডেন কাপ ৰাজ্যিক পৰ্যায়ৰ তৃতীয় বাৰ্ষিক আন্তঃচাহবাগিচা মহিলা ফুটবল প্ৰতিযোগিতাৰ আয়োজনৰ ক্ষেত্ৰত আয়োজক সমিতিৰ হৈ পৱন তাঁতী, কাকু ভট্টাচাৰ্য, লেখক দিহিঙ্গীয়া, হৰিপ্ৰসাদ গঞ্জু, বিজয় নুনীয়া, বিদ্যা নায়ক , খনিন কোঁৱৰ, চন্টু মাহালি প্ৰমুখ্যে কৰ্মী সকলে সেৱা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *