...

নগাঁৱত ২৫ সংখ্যক ভাৰত ৰঙ্গ মহোৎসৱৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰম্ভ

Spread the love

নগাঁৱত ২৫ সংখ্যক ভাৰত ৰঙ্গ মহোৎসৱৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰম্ভ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সৌজন্যত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও চহৰত পোন প্ৰথমবাৰৰ বাবে কালি সন্ধিয়াৰে পৰা অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ। ২৫ সংখ্যক ভাৰত ৰঙ্গ মহোৎসৱৰ অন্তৰ্গত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি সন্ধিয়া আন্ত:ৰাষ্ট্ৰীয় নাট মহোৎসৱখনি উদ্বোধন কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই। আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱখনি উদ্বোধন কৰি বিশিষ্ট অভিনেতা গৰাকীয়ে অসমৰ নাট্য আন্দোলনত নগাঁৱৰ অৱদানৰ বিষয়ে উল্লেখ কৰে । ভাষণ প্ৰসংগত তেওঁ বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ বাট-পথকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰা উন্নয়ন মূলক কাম কাজৰ প্ৰশংসা কৰে । উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই নগাঁও চহৰৰ বীণাপাণি নাট্য মন্দিৰ,নগাঁও নাট্যমন্দিৰ, বেংগলী সন্মিলনী,কলা মন্দিৰৰ দৰে ঐতিহ্যমণ্ডিত নাট্য চৰ্চা অনুষ্ঠানৰ গৰিমাৰ বিষয়ে উল্লেখ কৰি নগাঁৱত অবিৰত ভাৱে নাট্যচৰ্চা অব্যাহত আছে বুলি মন্তব্য কৰে। আনহাতে নগাঁও চহৰত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত কৰাটো এক উৎসাহ জনক কথা বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে আৰু এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। নৃত্যশিল্পী উপাসনা বৰাই আঁত ধৰা অনুষ্ঠানত জিলা আয়ুক্ত তথা নাট সমাৰোহৰ কাৰ্যকৰী সভাপতি দেৱাশীষ শৰ্মা, বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক অৰূপ মান্না,বিশিষ্ট অভিনেত্রী পূৰ্ণিমা শইকীয়া,বিশিষ্ট নাট্য পৰিচালক ড০ প্ৰকাশ চন্দ্ৰ ঝা,প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া দেৱজিৎ হাজৰিকা,প্ৰাক্তন অধ্যাপক গুণ শইকীয়া,ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সমন্বয়ক বিশিষ্ট নাট্যকৰ্মী দক্ষিণা শৰ্মা উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ পাচতে নাট্য আন্তঃৰাষ্ট্ৰীয় সমাৰোহখনিৰ প্ৰথমখন নাটক “জনক নন্দিনী” মঞ্চস্থ কৰা হয়। ড০ প্ৰকাশ চন্দ্ৰ ঝাৰ ৰচনা আৰু পৰিচালনাৰে দিল্লীৰ মৈথিলী লোকৰঙ্গ নাট্যদলৰ শিল্পী সকলে পৰিবেশন কৰা কৰা “জনক নন্দিনী”নাটখনে দৰ্শকৰ সহাৰি লাভ কৰে । আনহাতে নাটখন মঞ্চস্থ হোৱাৰ পূৰ্বে নৃত্যশিল্পী গৌৰৱ হাজৰিকাৰ ‘সূত্ৰধাৰ’ৰ শিল্পীসকলে মঞ্চত সত্ৰীয়া নৃত্য পৰিবেশন কৰে । আজি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত সন্ধিয়া জিলা পুথিভঁৰাল প্রেক্ষাগৃহত মণিপুৰ ইম্ফলৰ কাংলেই মাইম থিয়েটাৰ ৰেপাৰটৰী নাট্যদলে “পেবেট” নামৰ নাটকখন মঞ্চস্থ কৰিব। কাইলৈ সন্ধিয়া ইটালীৰ পাওৱল এভানটানিঅ’এন্টাৰটেইনমেন্ট নাট্যদলৰ “এক্সক্লেইমেশ্ব’ন মাৰ্ক” নামৰ নাটকখন মঞ্চস্থ কৰিব । আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত ২ ফেব্ৰুৱাৰীত অসমৰ জোনাক নাট্যদলৰ “মলখু” আৰু ৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সম্প্ৰসাৰণ আঁচনিৰ অধীনত নগাঁৱৰ শিল্প কাননৰ সৌজন্যত অনুষ্ঠিত নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে উপস্থাপন কৰিব হেনৰিক ইবচেনৰ “দি ৱাইল্ড ডাক”ৰ অসমীয়া ৰূপান্তৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *