...

জ্ম্মু-কাশ্মীৰত সেনা গাড়ী দুঘৰ্টনা

Spread the love

জ্ম্মু-কাশ্মীৰত সেনা গাড়ী দুঘৰ্টনা

২০০ ফুট গভীৰ খাদত পৰি ১০ জন জোৱান নিহত

চাইন অন ডেস্ক:

জ্ম্মু আৰু কাশ্মীৰত আজি এটা দুঃখজনক দুঘৰ্টনা সংঘটিত হৈছে। ভাৰতীয় সেনাৰ এটা গাড়ী পথত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰ খাদত পৰি যায়। এই ভয়ংকৰ ঘটনাত ১০ জন সেনা জোৱানৰ মৃত্যু ঘটিছে। ঘটনাটো সংঘটিত হোৱাৰ পাছত সেনা আৰু স্থানীয় উদ্ধাৰ দলে তৎক্ষণাৎ অভিযান আৰম্ভ কৰে।
দুৰ্ঘটনাস্থলটো পাহাৰীয়া জটিল পথত অৱস্থিত হোৱাৰ বাবে উদ্ধাৰ অভিযান অত্যন্ত কঠিন হৈছিল। সেনা বিভাগৰ মতে, গাড়ীখন নিয়মীয়া দায়িত্ব পালনৰ সময়ত যাত্ৰাৰ মাজতেই বিপদত পৰে। পথৰ অৱস্থা, বতৰৰ পৰিস্থিতি আৰু অন্য কাৰণসমূহ এতিয়া পৰ্যালোচনা কৰা হৈছে।
এই ঘটনা দেশজুৰি শোকৰ ছাঁ পেলাইছে। নিহত জোৱানসকলৰ আত্মীয়জনক সমবেদনা জনোৱা হৈছে আৰু সেনা বিভাগৰ পক্ষৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *