...

৭৭তম গণতন্ত্ৰ দিৱসত দিল্লীৰ কেন্দ্রীয় অনুষ্ঠানত অসমৰ প্ৰতীক পট

Spread the love

৭৭তম গণতন্ত্ৰ দিৱসত দিল্লীৰ কেন্দ্রীয় অনুষ্ঠানত অসমৰ প্ৰতীক পট

স্থান পাব আশাৰীকান্দিৰ টেৰাকোটাই

সামাজিক মাধ্যমত সদৰী মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

চাইন অন ডেস্ক:

ধুবুৰী জিলালৈ এক বিশেষ গৌৰৱ কঢ়িয়াই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলি উঠিবলৈ সাজু হৈছে টেৰাকোটা গাওঁ খ্যাত আশাৰীকান্দিয়ে। এইবাৰ ২০২৬ বৰ্ষৰ গণতন্ত্ৰ দিৱসত দিল্লীৰ কেন্দ্রীয় কাৰ্যসূচীত অসমৰ প্ৰতীক পট (tableau)ৰূপে স্থান পাব আশাৰীকান্দিৰ টেৰাকোটা শিল্পীৰ শিল্পই। আজি অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে সদৰি কৰিছে। তেখেতে অসমৰ প্ৰতীকপটত সন্নিৱিষ্ট আশাৰীকান্দিৰ পোৰামাটিৰ শিল্প, মূৰ্ত হৈ উঠিব নদী সভ্যতাৰ সমৃদ্ধ ঐতিহ্য আৰু আত্মনিৰ্ভৰ ভাৰতৰ ভাবনা বুলি নিজৰ পোষ্টত মন্তব্য কৰিছে।

উল্লেখ্য যে, ধুবুৰী জিলাৰ সদৰ ধুবুৰীৰ পৰা ১৪ কিলোমিটাৰ দূৰৰ এই গাঁওখন কেবল অসম অথবা ভাৰততেই নহয়; বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া অতি পৰিচিত টেৰাকোটা গাওঁ খ্যাত আশাৰীকান্দি ৰূপে। উল্লেখ্য যে, ঊনৈছ শতিকাৰ আৰম্ভণিতে মৃৎ শিল্পৰ লগত জড়িত কেইটামান পৰিয়ালেৰ পূৱ বংগৰ (এতিয়া বাংলাদেশ) পৰা আশাৰীকান্দিলৈ প্ৰব্ৰজন ঘটিছিল। দৰাচলতে কেঁচা মালৰ উপলব্ধতা, সস্তীয়া পৰিবহণৰ সুবিধা  আদিকে  ধৰি আৰ্থিকভাৱে ব্যৱহাৰযোগ্য  অইন কেইবাটাও কাৰকৰ বাবে তেওঁলোকে এই স্থান বাছনি কৰিছিল। সেই শিল্পীসকলৰ শিল্প ক’লাই স্থানীয় কথকতা, সাধু কথা আৰু লোক বিশ্বাসৰ সৈতে সংমিশ্ৰণ ঘটি জন্ম লৈছিল নিজস্ব সুকীয়া ধাৰাৰ। লাহে লাহে সময়ৰ গতিত জন্ম লোৱা এক নতুন ধাৰাৰ অসমীয়া শিল্প ক’লাই হ’ল টেৰাকোটা শিল্প। প্ৰথমাৱস্থাত টেৰাকোটা শিল্পৰ সৈতে জড়িত সেই শিল্পীসকলৰ নিৰ্দিষ্ট কোনো লক্ষ্য অথবা এই শিল্প ক’লাক ব্যৱসায়িক ভিত্তিত আগুৱাই নিয়াৰ বাবে নিৰ্দিষ্ট কোনো পৰিকল্পনা নাছিল যদিও এগৰাকী মহিলা শিল্পী সৰলা বালা দেবীৰ প্ৰচেষ্টাত আশাৰীকান্দিত  সূচনা ঘটিছিল টেৰাকোটা শিল্পৰ এক নতুন যুগৰ।  শিল্পীগৰাকীৰ “হাতিমা”খ্যাত কোচত শিশু থকা এগৰাকী মহিলাৰ  টেৰাকোটাৰ অভিনব পুতলাই ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছিল বিশেষ সুখ্যাতি। ১৯৮২ চনত “হাতিমা”ই সৰলা বালা দেৱী লৈ বুটলি আনিছিল ৰাষ্ট্ৰপতি পুৰস্কাৰ। সৰলা বালা দেবীৰ এই কৃত্বিত্বই সমগ্ৰ ভাৰতৰ শিল্প জগতত স্থান লভিবলৈ সক্ষম হৈছিল মৃৎ শিল্পৰ এক নতুন ধাৰাই,জন্ম হৈছিল নতুন চিন্তা-ধাৰাৰ।

সৰলা বালা দেবীক পথিকৃৎ ৰূপে লৈ আশাৰীকান্দিৰ বহু মহিলাই খোঁজ দিবলৈ আগুৱাই আহিছিল টেৰাকোটা শিল্পৰ জগতখনত।বৰ্তমানে গাওঁখনৰ ১৩৪ টা পৰিয়ালৰ প্ৰতিটো গৃহৰে মহিলাসকলৰ অধিকাংশই জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে।আশাৰীকান্দিৰ এই নিৰৱ অৰ্থনৈতিক বিপ্লৱৰ মূল চালিকা শক্তি হ’ল গাওঁখনৰ মহিলাসকল।

গাওঁখনৰ ৬০০/৭০০ শিল্পীৰ অতি কমেও ৪০০ গৰাকী মহিলা প্ৰত্যক্ষ ভাবে জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে। টেৰাকোটাক বিষয়বস্তু ৰূপে লৈ আছে ৮ টাকৈ মহিলা আত্মসহায়ক গোট আৰু এটা সমবায় সমিতি-আশাৰীকান্দি ড’ল মেকিং সমবায় সমিতি।

উল্লেখ্য যে, ২০২৪ বৰ্ষত আশাৰীকান্দিৰ টেৰাকোটা শিল্পই জিআই টেগ লাভ কৰি অসম তথা ধুবুৰী জিলালৈ এক বিশেষ সন্মানো কঢ়িয়াই আনিছে। ইয়াতে উল্লেখনীয় এয়াও যে, ২০২০ বৰ্ষত ‘মন কি বাত’ৰ অনুষ্ঠানত  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভকেল ফৰ লকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি ভাৰতৰ নাগৰিকক সম্বোধন কৰোঁতে আশাৰীকান্দিৰ মৃৎ শিল্পীৰ পুতলাৰ বিষয়ে উল্লেখ কৰিছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্লাষ্টিক সামগ্ৰী বৰ্জনৰ আহ্বান পিছৰে পৰা  আশাৰীকান্দিৰ মাটিৰ চাহৰ গিলাচৰ পৰা মাটিৰ চাকিৰ চাহিদা এতিয়া সৰ্বত্ৰে। বিগত ২০২৫ বৰ্ষৰ দীপাৱলিত  প্ৰায় ১ কোটিৰো অধিক  মাটিৰ চাকি নিৰ্মাণ কৰি অভিলেখ গঢ়িছিল আশাৰীকান্দিৰ মৃৎশিল্পী সকলে। “চাওক- আশাৰীকান্দিত ২০০৩ চনৰ পৰা  সময়ৰ সৈতে চলিব লাগিলে লগা প্ৰয়োজনীয় আন্তঃগাঁথনি, বিপণন ব্যৱস্থা আদি দিশবোৰ লৈ চিন্তা-চৰ্চা তথা সেই দিশবোৰৰ ওপৰত পৰ্যায়ক্ৰমে কাম আৰম্ভ হৈছিল। বৰ্তমানে কেৱল অসম, উত্তৰ-পূৰ্বাঞ্চলেই নহয়; দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিদেশতো  টেৰাকোটাৰ সামগ্ৰীৰ সুনাম, সমাদৰ আছে। ২০১৬ চনত আমি কৰা এক চাৰ্ভেত  মতে সেই বছৰ আশাৰীকান্দিৰ টেৰাকোটা সামগ্ৰীৰ জগতখনত  ১২ কোটি টকাৰো অধিক ধনৰ লেন-দেন হৈছিল আৰু বৰ্তমানে সেয়া অতি কমেও দুই/আঢ়ৈ গুণ বৃদ্ধি হৈছে। চলিত বৰ্ষৰ পৰা বছৰি আমি অতি কমেও এশ কোটি টকাৰ সামগ্ৰী নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি লৈছোঁ।” টেলিফোনিক বাৰ্তালাপত এয়া সদৰি কৰিছে আশাৰীকান্দিৰ কটেৰাকোটা শিল্পক এক সুসংহত, ব্যৱসায়িক ভিত্তিত গঢ়ি তুলিবলৈ বিশেষ অবদান থকা উত্তৰ পূব শিল্প আৰু গ্ৰাম্য উন্নয়ন সংস্থা নামৰ এক বেচৰকাৰী সংস্থা (চমুকৈ নেকাৰ্ডো) তথা সংস্থাটোৰ প্ৰতিষ্ঠাপক সঞ্চালক বিনয় ভট্টাচাৰ্যৰ।

তাৰেই প্ৰেক্ষাপটত, আগলৈ গৈ আশাৰীকান্দিৰ টেৰাকোটা শিল্পীৰ ব্যপ্তিতাই  কেৱল গাওঁখনৰেই নহয় সমগ্ৰ ধুবুৰী জিলাৰ আৰ্থ-সামাজিক দিশত সুদূৰপ্ৰসাৰী প্ৰভাব পেলোৱাৰ সম্ভাবনাৰ উদয় হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *