...

ডিব্ৰুগড়ত চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Spread the love

 

ডিব্ৰুগড়ত চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

 

কেবাগৰাকীও জ্যেষ্ঠ চিকিৎসক উপস্থিত

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা পষেকীয়া কাৰ্য্যসূচীৰ মতে আজি বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , দিনৰ ১১ বজাৰ পৰা , ডিব্ৰুগড় লায়ন্স ক্লাৱৰ সৌজন্যত অনুষ্ঠিত কৰা হয়। এই স্বাস্থ্য শিবিৰৰ শুভ উদ্বোধন কৰে , অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগৰ সহযোগী অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ গৌৰী শঙ্কৰ বৰগোহাঁইয়ে। স্বাস্থ্য শিবিৰ পৰিচালনা কৰে ডাঃ ভিক্তৰ তপ্ন , ডাঃ গৌতম বৰুৱা, ডিব্ৰুগড় লায়ন্স ক্লাৱৰ মাণ্ডলিক সভাপতি ৰক্তিম গগৈ , ডিব্ৰুগড় লায়ন্স ক্লাৱৰ সভাপতি মলয় চক্ৰৱতী চক্ৰৱৰ্তী , ডিব্ৰুগড় লায়ন্স ক্লাৱৰ গ্ৰেটাৰ উপ সভানেত্ৰী গীতা বৰুৱা আৰু ডিব্ৰুগড় লায়ন্স ক্লাৱৰ সম্পাদক সঞ্জীৱ চেটাৰ্জী। ডিব্ৰুগড় পেঞ্চনাৰ সন্থাৰ সম্পাদক মৃদুল শৰ্মাই আতঁধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে ডিব্ৰুগড় চৰকাৰী পেঞ্চনাৰ শাখাৰ সভাপতি দিলীপ কুমাৰ দাসে । সহযোগিতা আগবঢ়ায় কোষাধ্যক্ষ দীপক কুমাৰ নেওঁগ আৰু বৃকোদৰ দাসে । প্ৰায় পঞ্চাছজনৰো অধিক লোকক ব্লাড চুগাৰ , প্ৰেছাৰ , ইউৰিক এচিদ আদিকে ধৰি বিভিন্ন পৰীক্ষা কৰাৰ লগতে বিনামুলীয়া ঔষধ বিতৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *