নতুন দিল্লী,৭ মার্চ: অহা ১৪ মার্চত পূর্ণ চন্দ্রগ্রহণ দৃশ্যমান হ’ব আকাশত। এইছোৱা সময়ত সূর্য আৰু চন্দ্ৰৰ মাজেৰে পৃথিৱী গতি কৰিব বাবে চন্দ্ৰক ৰঙা দেখা যাব।যাৰ বাবে ইয়াক ‘ব্লাড মুন’ হিচাপেও অভিহিত কৰা হৈছে। সিদিনা পুৱা ৯.২৭ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভহৈ বিয়লি ৩.৩০ বজাত সামৰণি পৰিব। এই চন্দ্ৰগ্ৰহণ কেৱল উত্তৰ আৰু দক্ষিণ আমেৰিকাতহে প্রায় ৬৫ মিনিট ধৰি দৃশ্যমান হ’ব। ভাৰতত এই বিৰল চন্দ্ৰগ্ৰহণৰ দৃশ্য দেখা পোৱা নাযাব। ইয়াৰ বাবে অহা ৭-৮ ছেপ্টেম্বৰত পৰৱৰ্তী পূর্ণ চন্দ্ৰগ্ৰহণৰ বাবে অপেক্ষা কৰিব লাগিব ভাৰতবাসীয়ে।