...

জুবিনৰ ধন আত্মসাৎ কৰি অৰ্কিড ভিউ এপার্টমেন্টত ফ্লেট ক্রয়

Spread the love

জুবিনৰ ধন আত্মসাৎ কৰি অৰ্কিড ভিউ এপার্টমেন্টত ফ্লেট ক্রয়

সিদ্ধাৰ্থৰ বিলাসী ফ্লেট ছীলৰ আৰ্জি আদালতত

দোষীয়ে দৃষ্টান্তমূলক শাস্তি পালেহে আশ্বস্ত হ’ব ৰাইজ:উৎপল শর্মা

*চাইন অন ডেস্ক:*

জীবিত সময়ছোৱাত সকলো লোকক বিশ্বাস কৰিছিল প্রাণৰ শিল্পী জুবিন গার্গে।স্বভাবসুলভ,এই সৰলতাৰ বাবে বিভিন্ন সময়ত বহু লোকৰ প্রবঞ্চনাৰ বলি নোহোৱাকৈও তেওঁ থকা নাছিল। কিন্তু বাৰম্বাৰ প্রতাৰিত হোৱাৰ পাছতো স্বভাবসুলভ সৰলতাক কেতিয়াও তেওঁ বাদ দিয়া নাছিল। শিল্পীগৰাকীৰ এই উদাৰতা আৰু সৰলতাৰ বাবেই জীবিত সময়ছোৱাত সিদ্ধার্থ শর্মাৰ দৰে এজন দগাবাজ অনা-অসমীয়াই ধন ঘটাৰ যন্ত্রত একপ্রকাৰ পৰিণত কৰিছিল। অসমৰ ইমুৰৰ পৰা সিমূৰলৈ দিনে-নিশাই অনুষ্ঠান পৰিৱেশন কৰিও নিজৰ পছন্দৰ সামগ্রী জুবিন গাৰ্গৰ কষ্টো পার্জিত ধনেৰেই মেনেজাৰ সিদ্ধার্থ শর্মাই এফালৰ পৰা ক্রয় কৰি গৈছিল ভোগ-বিলাসৰ সামগ্রী। শিল্পীগৰাকীৰ মৃত্যুৰ পছত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে সিদ্ধার্থ শৰ্মাৰ এই ভয়ংকৰ কাহিনী পোহৰলৈ অনাৰ পাছত এতিয়া আদালতৰ মজিয়াতো উন্মোচিত হ’বলৈ ধৰিছে দগাবাজ অনা-অসমীয়া সিদ্ধার্থ শর্মাৰ প্ৰতাৰণাৰ প্রতিটো অধ্যায়। উল্লেখ্য যে কামৰূপ (মহানগৰ) জিলাৰ জিলা আৰু সম্র ন্যায়াধীশৰ আদালতত হোবা তৃতীয়টো গুনানিত শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ মালিকানাধীন মহানগৰীৰ ফটাশিলত থকা অর্কিড ভিউ নামৰ বিলাসী এপার্টমেন্টত থকা ৩-এ নং ফ্লেটটোৰ চীল কৰাৰ বাবে এছঅইিটিৰ মুখ্য তদন্তকাৰী বিষয়াই আদালতত আর্জি পেচ কৰে।অকল আর্জি পেচ কৰাতেই ক্ষান্ত নাথাকি এছআইটিয়ে এই সন্দর্ভত উপযুক্ত তথ্য-প্রমাণো আদালতত দাখিল কৰিছে। জুবিন গাৰ্গৰ কট্টোপার্জিত ধন প্ৰৰোচনাৰে চান কাড়ি এই সম্পত্তি ক্রয় কৰাৰ বিশদ তথ্য-পাতি এছআইটিয়ে আদালতত দাখিল কৰিছে বুলি জানিব পৰা গৈছে। সকলো প্রতিলিপি তথা নথি সিদ্ধার্থ-চেতনৰ অধিবক্তাক দিয়াৰ নির্দেশ দিছে। একেদৰে সিদ্ধার্থ শর্মাৰ ফ্রেট চীল কৰা সন্দর্ভত থকা সকলো আবেদনৰ প্রতিলিপি সিদ্ধার্থ শর্মাৰ অধিবক্তাক দিবলৈ আদালতে নির্দেশ দিছে।
প্রিয় শিল্পীৰ হত্যাৰ গোচৰক লৈ আদালতৰ মজিয়াত আইনী যুজ অব্যাহত থকাৰ সময়তে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্র সস্থা। জুবিন গার্থ হত্যাকাণ্ডত অভিযুক্তসকলে কঠোৰ, দৃষ্টান্তমূলক শাস্ত্রি পালেহে অসমৰ মানুহ আশ্বস্ত হ’ব বুলি মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শর্মাই। এক অনুষ্ঠানত তেওঁ কয় যে প্রাণৰ শিল্পীয়ে ন্যায় পাবই লাগিব। আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি অভিযোগনামাত উল্লেখ কৰিছে। সেইমতে গোচৰো ৰুজু কৰা হৈছে। চৰকাৰৰ দায়িত্ব ইমানতেই শেষ নহয় বুলি মন্তব্য কৰি আছুুৰ সভাপতি শর্মাই অভিযোগনামাত উল্লেখিত কথাবোৰ আদালতৰ মজিয়াত তথ্যসহকাৰে সাব্যস্ত হ’ব লাগিব বুলি কয়। তেওঁ কয় যে সকলোৱে ভালদৰে উপলব্ধি কৰিলে গম পাব যে এই ন্যায় কেৱল জুবিন গাৰ্গৰ বাবে নহয়। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ’ল।এই সত্যক উপলব্ধি কৰি বুকুত যে একুৰা জুঁই লৈ তেওঁৰ পৰিয়ালটো জীয়াই থাকিব লাগিব এই ন্যায় তেওঁৰ পৰিয়ালটোৰ বাবেহে। তদুপৰি জুবিন গাৰ্গ নোহোৱা হৈ যোৱা সহ্যক উপলব্ধি কৰা তেওঁৰ লাখ লাখ অনুৰাগীৰ বাবে এই ন্যায়। দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব। এই ন্যায় যিকোনো মূলাব বিনিময়ত আমি পাবই লাগিব। আৰম্ভণিৰ দিনাৰ পৰাই ছাত্র সন্থাই এই দাবী চৰকাৰৰ ওচৰত উথাপন কৰি আহিছে। অভিযুক্ত আটাইকেইজন দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পালেহে অসমৰ ৰাইজ আশ্বস্ত হ’ব। শাস্তি নোপোৱা পর্যন্ত আছ কেতিয়াও ক্ষান্ত নহয় বুলিও তেওঁ লগতে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *