...

আকাশবাণীৰ পশ্চিমীয়া সংগীত অনুষ্ঠানৰ জনপ্ৰিয় এংকৰ

Spread the love

আকাশবাণীৰ পশ্চিমীয়া সংগীত অনুষ্ঠানৰ জনপ্ৰিয় এংকৰ

ফাউজিয়া ৰহমানৰ পৰলোক

ৰাজ্যজুৰি শিল্পীসমাজত শোকৰ ছাঁ

*চাইন অন ডেস্ক:*

ডিব্ৰুগড়ৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ অৱসৰপ্ৰাপ্ত ষ্টাফ আৰ্টিষ্ট সহ প্ৰগ্ৰেম এক্সিকিউটিভ ফাউজিয়া ৰহমান (এফি)ৰ মগজুৰ ষ্ট্ৰোকৰ ফলত গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত আজি পুৱা ৪:৪০ বজাত মৃত্যু হয়।সত্তৰৰ দশকৰ পৰা নব্বৈৰ দশকলৈকে অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ দ্বাৰা প্ৰচাৰিত পশ্চিমীয়া সংগীত অনুষ্ঠানৰ অন্যতম জনপ্ৰিয় এংকৰ আছিল ফাউজিয়া ৰহমান।শিলচৰ পাইন মাউণ্ট স্কুলত শিক্ষা সমাপ্ত কৰি পিছলৈ শ্বিলঙৰ ছেইণ্ট মেৰী স্কুলত চিনিয়ৰ কেম্ব্ৰিজত অধ্যয়ন কৰে।এংকৰ হিচাপে সমাজৰ সকলো শ্ৰেণীকে সন্মোহিত কৰিব পৰা অসাধাৰণ কণ্ঠ আৰু উপস্থাপনৰ বাবে তেওঁ বহুলভাৱে প্ৰশংসিত হৈছিল।ৰাজ্যৰ সংগীতপ্ৰেমী, অনুৰাগীৰ লগতেই শিল্পীসকল তেওঁৰ মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰিছে।বহু অনুগামীৰ মাজত মৰমেৰে এফি নামেৰে পৰিচিত ফাউজিয়াই সমগ্ৰ কেৰিয়াৰত অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত ডাঃ আলফ্ৰেড ৰহমানৰ পত্নী ফাউজিয়া ৰহমানে ইহসংসাৰত কনিষ্ঠ কন্যা ফৰিয়াল ৰহমান আৰু বোৱাৰী জিনাতক এৰি থৈ যায়।২০২০ চনৰ আৰম্ভণিতে তেওঁৰ ডাঙৰ পুত্ৰ আৰ্ফিন ৰহমানৰ পৰলোক হয়।জানিব পৰা অনসৰি ডিব্ৰুগড়ত জানাজা অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *