...

​ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ‘টোগলগী’ কাণ্ড!

Spread the love

 

​ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ‘টোগলগী’ কাণ্ড!

 

ক্ৰছিং আৰু ডিভাইডাৰৰ নামত ৰাইজক যমৰ যাতনা

 

*চাইন অন ডেস্ক:*

ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন চেঁচা তিনিআলিত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ এক হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ নামত চেঁচা তিনিআলিৰ দৰে এক গুৰুত্বপূৰ্ণ সংযোগস্থলত ক্ৰছিং আৰু ডিভাইডাৰ বন্ধ কৰি দিয়াৰ ফলত ৪০ খনতকৈও অধিক গ্ৰামাঞ্চলৰ জনসাধাৰণ বৰ্তমান চৰম দুৰ্ভোগৰ বলি হৈছে। অতি বিপদজনক ভাৱে ক্ৰচিং কৰোঁতে বিপৰীত দিশত অহা যোৱা কৰাৰ ফলত দুৰ্ঘটনা পতিত হৈছে বহুতো যানবাহন।
​সদা ব্যস্ত চেঁচা তিনিআলিটোৰ ডিভাইডাৰৰ মাজৰ অংশ বন্ধ কৰি দিয়াৰ ফলত স্থানীয় ৰাইজে এতিয়া নিজৰ গন্তব্যস্থানলৈ যাবলৈ প্ৰায় এক কিলোমিটাৰ অতিৰিক্ত দূৰত্ব অতিক্ৰম কৰিহে ক্ৰছিং কৰিবলগীয়া হৈছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰী, ৰুগীয়া ব্যক্তি আৰু দৈনন্দিন বজাৰ-সমাৰ কৰিবলৈ অহা সাধাৰণ জনতাই যমৰ যাতনা ভোগ কৰিছে। উল্লেখযোগ্য যে, চেচা তিনিআলিৰ পৰা নতুনকৈ দুইলেন যুক্ত পথচোৱা নিৰ্মাণ কৰাৰ ফলত ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ সংযোগ স্থল এই পথচোৱা।অবৈজ্ঞানিকভাৱে এই ডিভাইডাৰ নিৰ্মাণৰ ফলত জৰুৰীকালীন সেৱাৰ বাহনসমূহো বিপাঙত পৰিবলগীয়া হৈছে।চেঁচা তিনিআলিৰ ওপৰত নিৰ্ভৰশীল ৪০ খনতকৈও অধিক গাঁৱৰ ৰাইজে এন এইচ এ আইৰ (NHAI) এই ‘আজৱ’ কাণ্ডক লৈ জাঙুৰ খাই উঠিছে। উন্নয়নৰ নামত সাধাৰণ জনতাক সহজ যাতায়তৰ পৰা বঞ্চিত কৰাটো কোনোমতেই গ্ৰহণযোগ্য নহয়। দীৰ্ঘদিন ধৰি ব্যৱহৃত হৈ থকা যাতায়তৰ এই গুৰুত্বপূৰ্ণ পথটো হঠাতে কোনো বিকল্প ব্যৱস্থা নকৰাকৈ বন্ধ কৰি দিয়াক লৈ এতিয়া ক্ষোভৰ জুই জ্বলিছে।সংশ্লিষ্ট কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো ফলপ্ৰসূ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। উপায়ন্তত অতিষ্ঠ ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰে চেঁচা তিনিআলিটো পুনৰ মুকলি কৰিবলৈ সজোৰে দাবী জনাইছে। শীঘ্ৰে পথছোৱা মুকলি নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলিও স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে ইতিমধ্যে স্থানীয় ৰাইজে এন এইচ এ আই (NHAI) ডিব্ৰুগড় জিলাৰ প্ৰবন্ধকলৈ বিগত বৰ্ষৰ ২১জুলাইত, ডিব্ৰুগড় জিলা আয়ুক্তক ৮ ডিচেম্বৰত এই বিষয়টোৰ সমাধানৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও বিভাগীয় ভাৱে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *