ৰূপহীহাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ এক,জব্দ বাহন
*চাইন অন ডেস্ক:*
ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিয়ান অব্যাহত আছে। যোৱানিশা ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান। আৰক্ষীৰ অভিযানত এএছ-০২-কে-১২০২ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ সৈতে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীজন হল তেজপুৰ পাঁচমাইলৰ ছাহজাহান আলী। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ২২ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৩.১০ গ্ৰাম। ড্ৰাগছ সৰবৰাহকাৰীজনে তেজপুৰৰ পৰা ৰূপহী লৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি থাকোতেই শিঙিমাৰীত আৰক্ষীৰ জালত পৰে। ৰূপহীহাট আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনে ব্যৱহাৰ কৰা এটা চাৰিচকীয়া বাহনৰ লগতে এটা মোবাইল ফোন জব্দ কৰি জেৰা অব্যাহত ৰাখিছে।