নৱবৰ্ষৰ পহিলা দিনটো
ডিব্ৰুগড়ত শান্তিপূৰ্ণভাৱে
উদযাপন
*চাইন অন ডেস্ক:*
সমাজৰ পৰা ক’লা ডাৱৰ আঁতৰাই সম্ভাৱনীয়তাৰ বৰ্ষ হওঁক ২০২৬। অসমীয়া জাতীয় জীৱনৰ বাবে অভিশপ্ত বৰ্ষ ২০২৫ক বিদায় জনাই আজি আশা আৰু প্ৰত্যাশাৰে ভৰা ২০২৬ক আঁদৰিলে ৰাজ্যবাসীয়ে। ডিব্ৰুগড়তো ব্যতিক্ৰমী নহ’ল নৱবৰ্ষৰ পহিলা দিনটোত। মঠ-মন্দিৰত যদি আধ্যাত্মিকতা আৰু বনভোজস্থলীত আকৌ উৎসাহ-উদ্দীপনাৰ পৰিৱেশ। অভিশপ্ত ২০২৫ক পাহৰি ২০২৬ৰ পহিলা দিনটোত পৰিয়াল, আত্মীয়-স্বজন কিম্বা বন্ধু-বান্ধৱৰ সৈতে এসাজ খাই আনন্দৰে কটালে ডিব্ৰুগড়বাসীয়েও। বিশেষকৈ আজি পুৱাৰ পৰা নিশাৰ ভাগলৈকে মহানগৰখনৰ খনিকৰস্থিত জগন্নাথ মন্দিৰত লোকে-লোকাৰণ্য হৈ পৰি পৰিলক্ষিত হয়। জগন্নাথ মন্দিৰৰ বাহিৰে-ভিতৰে অভাৱনীয় ভিৰ ভক্তৰ। ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছত প্ৰায় ১০ কিলোমিটাৰ পৰ্যন্ত যান-জঁট। নেদেখাজনৰ ওচৰত বন্তি প্ৰজ্বলন কৰি পৰিয়ালৰ সুখ-সমৃদ্ধি কামনা কৰি প্ৰাৰ্থনা জনালে প্ৰতিজন ভক্তই। ইয়াৰ সমান্তৰালভাৱে অসমৰ জাতীয় সম্পদক কাঢ়ি লৈ যোৱা ২০২৫ক অভিশপ্ত আখ্যা দি ২০২৬ত যাতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠে তাৰ প্ৰতিও কামনা কৰিলে প্ৰতিজন ভক্তই। নৱবৰ্ষৰ পহিলা দিনটোত ডিব্ৰুগড়ৰ অন্যতম বনভোজৰ ক্ষেত্ৰ বগীবিল, আইথানত অভাৱনীয় পৰিৱেশ পৰিলক্ষিত হয়। মহানগৰখনৰ উপকন্ঠ মাইজান আৰু মোহনাঘাট অঞ্চলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা বনভোজৰ দল সমবেত হয়। ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰতো দেখা গ’ল অনুৰূপ পৰিৱেশ। জকাইৰ বুঢ়ীদিহিঙৰ দলঙৰ সমীপতো বিভিন্ন স্থানৰ পৰা আহিল বনভোজৰ দল। আনহাতে এই পৰ্যন্ত কোনোধৰণৰ হিংসাত্মক ঘটনা বা দূৰ্ঘটনাৰ খবৰ লাভ কৰা নাই। অৱশ্যে আৰক্ষীয়ে সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে।