অসমত ব্যক্তিগত প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন বিশাল অৰণ্য
মৰুভূমিসদৃশ পৰিৱেশক বনাঞ্চলৰ ৰূপ
ঢকুৱাখনাৰ এদল নিষ্ঠাবান পৰিৱেশ কৰ্মী
*পুলকজ্যোতি বৰা*

যিখন অসমত গছ সংৰক্ষণ কৰি ৰাখিবৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়। য’ত ৰাজপথ নিৰ্মানৰ নামত হাজাৰ হাজাৰ গছ কাটি ধ্বংস কৰা হয়।সেইসময়ত এনে কিছুমান বিশেষ ব্যক্তিৰ ব্যতিক্ৰমী কামে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তেনে এজন ব্যক্তি হৈছে ঢকুৱাখনাৰ মনজিৎ পাতিৰ। ঢকুৱাখনাৰ ভিতৰ বচামুখ গাঁৱৰ নিবাসী মনজিৎ পাতিৰৰ নেতৃত্বত আৰু ব্ৰহ্মপুত্ৰ চাপৰি বনানীকৰণ সমিতি নামৰ সংগঠনটোৰ প্ৰচেষ্টাত ঢকুৱাখনা মাজুলী সীমান্তৰ এটা ব্ৰহ্মপুত্ৰৰ চাপৰিত গঢ়ি তুলিবলৈ সমৰ্থ হৈছে এখন বিশাল অৰণ্য। ২০১২ বৰ্ষতে ঢকুৱাখনাৰ এইজন প্ৰকৃতিপ্ৰেমী মনজিৎ পাতিৰৰ প্ৰচেষ্টাত ঢকুৱাখনা আৰু মাজুলী সীমান্তৱৰ্তী মাদুৰি চাপৰি আৰু জাৱৰচুক অঞ্চলত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা বৃহৎ মৰুভূমিসদৃশ চাপৰি দুটাত আৰম্ভ কৰিছিল গছপুলি ৰোপনৰ অভিযান। ২০ জনীয়া সদস্যৰে ব্ৰহ্মপুত্ৰ চাপৰি বনানিকৰণ সমিতি নামৰ এটা

ওচৰৰে আন এটা বালি চাপৰি মাদুৰি চাপৰিলৈ সম্প্ৰসাৰিত কৰিছিল অৰণ্যম ক্ষেত্ৰৰ পৰিসৰ। ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত প্ৰায় ১০০০ বিঘা ভূখণ্ড সামৰি উজনি অসমৰ এক বৃহৎ মানৱসৃষ্ট অৰণ্যম ক্ষেত্ৰত পৰিণত হৈছে মাদুৰি চাপৰি।উল্লেখ্য যে,কেৱল বালিৰে পৰিবেষ্টিত চাপৰিটোত গছ হব নেকি বুলি তাছিল্য কৰিছিল বহুলোকে।প্ৰথম অৱস্থাত লহপহকৈ বাঢ়ি অহা গছপুলিবোৰ কাটি পেলাইছিল দুৰ্বৃত্তই।তাৰ পিছতো থমকি ৰোৱা নাছিল তেওঁলোক। অশেষ চেষ্টা আৰু প্ৰত্যাহ্বান নেওচি বছৰ বছৰ জোৰা পৰিশ্ৰমৰ অন্ততঃ গঢ়ি তুলিবলৈ সক্ষম হ’ল অৰণ্যখন। নতুন বছৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি অৰণ্যখনৰ গুৰি ধৰোঁতামনজিৎ পাতিৰে নিয়মীয়া বাৰ্তাক কয় যে-গছ থাকিলেহে মানুহ থাকিব আৰু গছ নথকাৰ ফলত কি হৈছে সকলোৱে এতিয়া অনুধাৱন কৰিব পাৰিছে । হাতী-মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু মানুহ মৰিছে ।

