...

ৰাজ্যৰ তিনি বিশিষ্ট সাংবাদিকলৈ আপকুৰ বঁটা 

Spread the love

ৰাজ্যৰ তিনি বিশিষ্ট সাংবাদিকলৈ আপকুৰ বঁটা 

নিয়মীয়া বাৰ্তাৰ সাংবাদিক ৰবীন মৰাণ,নাহৰকটীয়াৰ ডি ৱাই-৩৬৫ ৰ আব্দুল ৰাজ্জাক মনোনীত

‘দ্য ছেন্টিনেল’ৰ মৌচমজ্যোতি বৈশ্যলৈ ভবেশ শইকীয়া সোঁৱৰণী জীৱন জোৰা সাধনা বঁটা-২০২৫’

*চাইন অন ডেস্ক:*

ৰাজ্যখনৰ মফচলীয় সংবাদ কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ ২০২৫ বৰ্ষৰ  ৰাজ্যিক বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা  হৈছে । অসম চৰকাৰৰ ট্ৰেড ইউনিয়নৰ পঞ্জীয়নৰ্ভূক্ত সাংবাদিক  সংগঠনটোৰ সম্পাদক প্ৰধান শৰৎ শেনচোৱাই এক বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ‘ভবেশ শইকীয়া সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা-২০২৫’ৰ বাবে ‘দ্য ছেন্টিনেল’ কাকতৰ সাংবাদিক, মিৰ্জাৰ বাসিন্দা মৌচমজ্যোতি বৈশ্যক মনোনীত কৰিছে আপকু –এ । আনহাতে তিনিচুকীয়া জিলাৰ পেঙেৰীৰ জ্যেষ্ঠ সাংবাদিক তথা ”নিয়মীয়া বাৰ্তা’ৰ প্ৰতিনিধি সাংবাদিক ৰবীন মৰাণলৈ আগবঢ়োৱা হৈছে আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান ভবেশ বৰুৱা সোঁৱৰণী ‘আপকু জীৱনজোৰা সাধনা বঁটা -২০২৫ ‘ ।
তদুপৰি উজনি অসমৰ চৰাইদেউ জিলাৰ শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী বঁটাৰ বাবে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ডি ৱাই-৩৬৫ ৰ সাংবাদিক আব্দুল ৰাজ্জাকক মনোনীত কৰিছে। বিগত ২০২৩ বৰ্ষৰ পৰা ৰাজ্যিক ভিত্তিত আগবঢ়োৱা এই বঁটা সমূহ আগন্তুক ৩ আৰু ৪ জানুৱাৰীত হ’ব লগীয়া সংগঠনটোৰ সপ্তদশ কেন্দ্ৰীয় মধ্যকালীন তিনিচুকীয়া অধিৱেশনৰ মুকলি সভাত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি আপকুৰ সম্পাদক প্ৰধান শৰৎ শেনচোৱাই সদৰী কৰিছে।
আনহাতে আপকুৰ ৰাজ্যিক সাংবাদিকতা বটাঁৰ বাবে মনোনীত তিনিওগৰাকী জ্যেষ্ঠ সাংবাদিকলৈ সংগঠনটোৰ মুখ্য উপদেষ্টাদ্বয় ক্ৰমে মনোজ সিং, আব্দুল খালেক, সভাপতি স্বপন কুমাৰ ৰাভা আৰু সম্পাদক প্ৰধান শৰৎ শেনচোৱাই আন্তৰিক অভিনন্দন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *