মন্দিৰাত দহ টাকৈ গোধন সহ দুই সৰবৰাহকাৰী আটক
*গুৱাহাটী:*
কামৰূপৰ নগৰবেৰাৰ মন্দিৰা অঞ্চলত সঘনাই আৰক্ষীৰ জাঁলত পৰিছে একাধিক গোচুৰি চক্ৰ।সোমবাৰৰ সন্ধিয়াৰ ভাগত মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমলজ্যোতি ঠাকুৰীয়াৰ নেতৃত্বত যোৱা তহলদাৰী আৰক্ষীৰ দল এটাই মন্দিৰা অঞ্চলত চোৰাং গৰু সৰবৰাহৰ সন্দেহত ক্ৰমে-মন্দিৰা এন চি গাঁৱৰ ফকৰুদ্দিন আৰু বালিঝাৰ অঞ্চলৰ ৰহিম নামৰ দুজনক আটক কৰাৰ লগতে মুঠ দহ টাকৈ গৰু উদ্ধাৰ কৰি আৰক্ষী চকীলৈ আৰু আজি পুৱাৰ ভাগত মালবাহী বাহনেৰে গৰু সমূহ গুৱাহাটী গোশালালৈ নিয়াৰ দিহা কৰে।ধৃত দুয়োজন গোসৰবৰাহকাৰীৰ বয়স ষাঠিৰ উৰ্ধত বুলি জানিব পৰা গৈছে।স্মৰ্তৱ্য যে ইয়াৰ পূৰ্বেও মন্দিৰা এন চি অঞ্চলত আৰক্ষীয়ে কেবাবাৰো অনুৰূপ অভিযান চলাই চোৰৰ সন্দেহত চোৰাং গৰু আৰু সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছিল।তেনেস্থলত মন্দিৰা এন চি অঞ্চল সম্প্ৰতি চোৰাং গো-ছিণ্ডিকেটৰ ঘাটি হৈ পৰিছে নেকি বুলিও সচেতন ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে।