বছৰ বছৰ ধৰি অবৈধ লোকৰ বেদখলকৃত ভূমিত প্ৰকল্প নিৰ্মাণ হোৱাটো এক গৌৰৱৰ কথাঃ অমিত শ্বাহ
‘সমগ্ৰ উত্তৰ–পূবৰ গ্র’থ ইঞ্জিন হিচাপে পৰিগণিত হৈছে অসম’
বটদ্ৰৱাৰ পৰা ঋতু পৰ্ণ শৰ্মাঃ জাতীয় জীৱনক নতুন ৰঙেৰে সজোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত আজি দুপৰীয়া মুকলি হ’ল বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত নিৰ্মাণ হোৱা আটকধুনীয়া বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটিৰ। উদ্বোধনী ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰি কয় যে পূৰ্বে অসমত বন্দুক চলিছিল, এতিয়া শংকৰদেৱৰ নাম-প্ৰসংগ চলিব। নৱ-বৈষ্ণৱ ধৰ্মৰ বাবে আজি এটা ডাঙৰ দিন। তেওঁ লগতে কয় যে এই প্ৰকল্পৰ শিলান্যাস,উদ্বোধন কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। বছৰ বছৰ ধৰি অবৈধলোকৰ বেদখলকৃত ভূমিত এই প্ৰকল্প নিৰ্মাণ হোৱাটো আমাৰ বাবে এক গৌৰৱৰ কথা বুলি কয়।
ইপিনে নগাঁৱৰ এই পবিত্ৰ ভূমিত গুৰু জনাই জন্মলাভ কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা গুৰুজনাৰ পবিত্ৰ ভূমিত উপস্থিত হ’বলৈ পায় ধন্য।আন্দোলনৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছিল অসমে। লাচিত বৰফুকনক প্রধানমন্ত্রীয়ে সমগ্র দেশবাসীৰ সৈতে চিনাকী কৰাই দিছে গামোচাক GI টেগ প্রদানৰ ক্ষেত্রতো প্রধানমন্ত্রীৰ উল্লেখযোগ্য ভূমিকা আছে। বৃন্দাৱনী বস্ত্রক প্রদৰ্শনীৰ মাজেৰে বিশ্ববাসীক পৰিচয় কৰাই দিয়াৰ প্রচেষ্টা কৰা হৈছে। টাটা ছেমিকণ্ডাক্টৰ প্রকল্পকে ধৰি বহু গুৰুত্বপূৰ্ণ উদ্যোগ অসমত স্থাপন হৈছে। অসম এতিয়া আন্দোলনৰ পৰিৱৰ্তিত বিকাশৰ ভূমিলৈ পৰিৱৰ্তন হৈছে। সমগ্র উত্তৰ–পূবৰ গ্র’থ ইঞ্জিন হিচাপে পৰিগণিত হৈছে অসম। আগন্তুক ৫বছৰৰ বাবে বিজেপিক আন এটা সুযোগ দিয়াৰ আহ্বান। লগতে ৰাজ্যৰ পৰা প্রতিজন অবৈধ নাগৰিকক খেদি পঠিওৱাৰ হুংকাৰ গৃহমন্ত্রীৰ।
উল্লেখ্য যে সভাত উপস্থিত হোৱাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহক গামোছা আৰু গুৰু আসনৰ প্ৰতীক পটৰে আদৰণি জনোৱা হয়। দুই হাজাৰ গায়ন-বায়ন,সত্ৰীয়া নৃত্য, দিহানাম আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে গৃহমন্ত্ৰীক আদৰি অনা হয়। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বটদ্ৰৱা থান প্ৰতিপালনৰ আৰু পৰিচৰ্যাৰ লগত সদা ব্যস্ত থকা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে শৰাই,কুঁহিলাৰ কঠ,চেলেং চাদৰ,গামোছা,ময়ুৰ আসনেৰে গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনোৱা হয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা পবিত্র দিন। ২০২১ৰ ২৫ ফেব্রুৱাৰীত এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই ভূমি পূৰ্বে অচিনাকি লোকে দখল কৰি আছিল। বৰদোৱা থানৰ পৰা এইসকল লোকক উচ্ছেদৰ দাবী তুলিছিল আপোনালোকে। দেশৰ ভিতৰতে এখন অন্যতম আধ্যাত্মিক ক্ষেত্র হিচাপে পৰিচিত। বৰদোৱা থানালৈ অহা লোকে কোনো মাচুল দিব নালাগে। আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প আমি এই ক্ষেত্রৰ পৰাই ল’ব লাগিব। অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ।
শংকৰ-মাধৱৰ জীৱন দৰ্শন বুজি নোপোৱা মানুহেৰে ঘেৰি আছো আমি। শংকৰ–মাধৱৰ সৈতে আন কাৰোৱে নাম সংলগ্ন কৰা নহ’ব। সূৰ্য আৰু চন্দ্র থকালৈকে দুই গুৰুজনাৰ আদৰ্শ আমাৰ মাজত জীয়াই থাকিব।বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয় আৰু অস্তিত্বও থাকিব লাগিব। ইপিনে জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ মূল্য নাই। বিকাশ আৰু জাতি একেলগে থাকিলে বিশ্বব্যাপী হ’ব অসমীয়া জাতি। ১.৪৫ লাখ বিঘা ভূমি আমি জাতিৰ বাবে মুকলি কৰিছোঁ। অচিনাকি মানুহক আমি থকালৈকে শান্তিত থাকিবলৈ নিদিওঁ। বৰদোৱাৰ পৰা এই সংকল্প লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে আৰু কয় যে অচিনাকি লোকক মাটি বিক্ৰী, চাকৰি নিদিয়াৰ আহ্বান। জাতিৰ বৰঘৰত প্রৱেশ কৰিব নিদিব অচিনাকি লোকক। সত্র আৰু সংৰক্ষিত বনাঞ্চলৰ পৰা অচিনাকি লোকক আঁতৰি যোৱাৰ আহ্বান। অন্যথা কোনো লোককে ৰেহাই দিয়া নহ’ব । নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানত অসমৰ বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা ১৫০ জন সত্ৰাধিকাৰ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবা সহস্ৰাধিক সন্মানীয় ব্যক্তি উপস্থিত থাকে।
বটদ্ৰৱা প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰি পিছত প্ৰকল্পত নিৰ্মাণ কৰা গুৰু আসন উচ্চ খলপৰ পৰা আবিৰ্ভাৱ ক্ষেত্ৰৰ চাৰিওফালে নয়ন ভৰি উপভোগ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। পিছত নাটঘৰলৈ যায়,তাত আইসকলে দিহানাম পৰিবেশন কৰি তেওঁক দেখুৱায়। গোটেই পথছোৱাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি শিল্পীসকলে আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰে। অসমীয়া জাতিৰ মণিকূট স্বৰূপ এই পবিত্ৰ ভূমি বটদ্রৱা থানৰ সামগ্ৰিক উন্নয়ন আৰু যাতায়ত ব্যৱস্থাৰ লগতে জগত গুৰু শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান সত্ৰক বৃন্দাবনৰ আৰ্হিত বিশেষ ধৰ্মীয় ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত অসম চৰকাৰৰ বিশেষ তৎপৰতাত বেদখল মুক্ত হোৱা ১৬৫ বিঘা ভূমিত নিৰ্মাণ হৈ উঠা বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগ অসমবাসী ৰাইজৰ বাবে মুকলি কৰাৰ পিছত এই অঞ্চলবাসীক আনন্দিত কৰিছে।
উল্লেখযোগ্য যে,২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহেই বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ,দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ (auditorium),খোলৰ সাজত গৱেষণা কেন্দ্ৰ,নাঁৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ,নামঘৰটি সত্ৰ কৃষ্টিৰ পীঠস্থান মাজুলী দ্বীপৰ আৰ্হিত বনোৱা হৈছে। খোলত লগোৱা ফেৰাৰী কোম্পানীৰ কাপোৰ ফ্ৰান্সৰ পৰা অনা হৈছে। জাপিৰ সাজত নাটঘৰকে আদি কৰি এই নিৰ্মাণ সমূহ সম্পূৰ্ণ হোৱাৰ পথত। ওম কনষ্ট্ৰাকছন নামৰ এটা কোম্পানীৰ তত্বাৱধানত নিৰ্মাণ হৈ থকাৰ ওপৰিও থলুৱা গছ-গছনি ৰোপণ কৰি প্ৰকৃতিক ভাবে সুন্দৰ কৰা হৈছে। গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাথান খনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬চনৰ ২৩ ছেপ্তেম্বৰত বেদখল মুক্ত কৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ ১৬৫ বিঘা ভূমিত প্ৰায় ২২৭ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এই বৃহৎ “বটদ্ৰৱা প্ৰকল্প”টি ।