...

ৰাষ্ট্ৰীয় জু-জিৎসু প্ৰতিযোগিতাত অসম‌ দলৰ ২৮টা সোণ,২৭ টা আৰু ৩৮ টা ব্ৰঞ্জৰ পদক

Spread the love

ৰাষ্ট্ৰীয় জু-জিৎসু প্ৰতিযোগিতাত অসম‌ দলৰ ২৮টা সোণ,২৭ টা আৰু ৩৮ টা ব্ৰঞ্জৰ পদক

ৰাজ্যিক দলৰ তৃতীয় শ্ৰেষ্ঠ দল

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

উত্তৰ প্ৰদেশৰ হাল্দোৱানীৰ ইন্দিৰা গান্ধী ইনডʼৰ ষ্টেডিয়ামত যোৱা ১৯ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় জু-জিৎসু প্ৰতিযোগিতাত অসমৰ দলটোৱে ২৮ টা সোণ,২৭ টা আৰু ৩৮ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান পাবলৈ সক্ষম হয়। উল্লেখ্য যে অসম দলটোৱে স্থান প্ৰাপ্ত নগাঁও জিলাৰ ৰাইডঙীয়াৰ কৃষাশ্ৰী হাজৰিকা (১৮ বছৰৰ অনুৰ্ধ্ব শাখাৰ ফাইটিং চিষ্টেম,ছোৱালী শাখা)ই সোণ আইভেটি পহুকটাৰ প্ৰাচুৰ্য প্ৰতিম বৰা (১৬ বছৰৰ অনুৰ্ধ্বৰ নে-ৱাজা,লʼৰা শাখা)ই সোণ আৰু আইভেটিৰে হৰ্ষিতা কাশ্যপে (১০ বছৰৰ অনুৰ্ধ্ব নে-ৱাজা,ছোৱালী শাখা) সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। ইপিনে ৰাজ্যিক দলটোৰ ৰাইদঙিয়াৰ নিহাৰিকা বৰা (নে-ৱাজাত,ছোৱালী শাখা)ই ৰূপ আৰু ৰজাগাঁৱৰ অনুস্কা ৰাজা (১৪ অনুধ্বৰ ফাইটিং ছোৱালী শাখাত) ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে পহুকটাৰ অৰ্পিতা বৰা (১০ বছৰৰ অনুধ্বৰ ফাইটিং আৰু নে-ৱাজা ছোৱালী শাখাত)ই দুটাকৈ ব্ৰঞ্জ,আইভেটিৰ হৰ্ষিতা কাশ্যপে (১০ বছৰৰ ২২ কেজি অনুধ্বৰ ফাইটিং,ছোৱালী শাখাত,) ব্ৰঞ্জ আৰু ৰাইডঙিয়াৰ নিহাৰিকা বৰা (ফাইটিং, ছোৱালী শাখাত)ই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ অসমৰ লগতে নগাওঁ জিলালৈ গৌৰৱ কঢ়িয়াই আনে। পদক প্ৰাপ্ত সকলো কেইজন খেলুৱৈয়ে গ্ৰেটাৰ নগাঁও জু-জিৎসু সংস্থাৰ অধীনত প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় জু-জিৎসু ৰেফাৰী ৰিকু কটকীৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই সফলতাত গ্ৰেটাৰ নগাঁও জু-জিৎসু সংস্থাৰ সভাপতি ব্ৰজেন কাকতি,কাৰ্যকৰী সভাপতি সুশীল খাউণ্ড,সম্পাদক ৰিকু কটকী আৰু প্ৰচাৰ সম্পাদক মানৱ জ্যোতি বৰাই সংস্থাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *