ধুবুৰীৰ গৌৰীপুৰত সন্দেজনক হিৰইন
বুজন পৰিমাণৰ খালী প্লাষ্টিকৰ সৰু টেমাসহ ৪ ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত
ধুবুৰী:
ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ এক অভিযানত বুজন পৰিমাণৰ সন্দেহজনক হিৰোইন ৪জনকৈ ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা গৌৰীপুৰ আৰক্ষীৰ এটি দলে গৌৰীপুৰৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱত অভিযান চলাইছিল। সেই অভিযানত ৮.৫০ গ্ৰাম সন্দেজনক হিৰোয়িন, ১০১টা খালি প্লাষ্টিকৰ সৰু টেমা, এটা মোবাইল ফোন উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ ৪ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন নাবিজুল হ’ক, সহিদুল হক, সাহ জামাল শেখ আৰু জাহাংগীৰ আলম বুলি প্ৰকাশ।