...

লাহোৱালত অনুষ্ঠিত সুৰ সন্ধানত ১৫ দিনীয়া কৰ্মশালা সামৰণি

Spread the love

 

লাহোৱালত অনুষ্ঠিত সুৰ সন্ধানত ১৫ দিনীয়া কৰ্মশালা সামৰণি

চাইন অন ডেস্ক:

মটক স্বায়ত্ত শাসিত পৰিষদৰ তত্বাৱধানত অসম চৰকাৰৰ বিষয়ে অৰ্থনৈতিক পুঁজি ২০২৪-২৫ বৰ্ষৰ অধীনত প্ৰহেলিকা মিউজিকেল কম্পাউণ্ডৰ সহযোগত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত সুৰ সন্ধানত জ্যোতিপ্ৰসাদ, বিষ্ণু প্ৰসাদ আৰু ভূপেন্দ্ৰ সংগীতৰ ১৫ দিনীয়া কৰ্মশালা আজি সামৰণি পৰে। লাহোৱালৰ বকুল মাজ গাঁওস্থিত প্ৰহেলিকা মিউজিকেল কম্পাউণ্ডত অনুষ্ঠিত কৰ্মশালা সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়া আৰু বিশিষ্ট কণ্ঠ শিল্পী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহযোগী অধ্যাপক ড০ অৰুণ হাজৰিকা। তদুপৰি অনুষ্ঠানত মটক স্বায়ত্ত শাসিত পাৰিষদৰ পাৰিষদ ধৰ্মানন্দ কোঁৱৰ, সাংবাদিক তথা ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘৰ মুখ্য উপদেষ্টা শ্ৰীযুত বিজন্ত গগৈ, সংগীত শিল্পী সঞ্জীৱ হাজৰিকা আৰু বকুল গাঁও পঞ্চায়তৰ সভাপতি লাটু বৰুৱাই উপস্থিত থাকে। একালৰ জ্যেষ্ঠ সাংবাদিক তথা বৰ্তমান মটক স্বায়ত্ত শাসিত পৰিষদৰ পাৰিষদ দীপজয় শইকীয়াই আঁতধৰা উক্ত অনুষ্ঠানৰ আৰম্ভণিত প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়াই। অনুষ্ঠানত প্ৰহেলিকা মিউজিকেল কম্পাউণ্ডৰ প্ৰধান, লাহোৱাল মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা সংগীত শিল্পী পেৰুমণি হাজৰিকাৰ পৰিচালনাত ন শিকাৰু ছাত্ৰ ছাত্ৰীসকলে কেইবাটাও গীত পৰিৱেশন কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কৰ্মশালাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত ডিকম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী কল্যাণী মহন শইকীয়া, এসময়ৰ জনপ্ৰিয় কণ্ঠ শিল্পী মহেন গগৈ, লাহোৱাল মহাবিদ্যালয়ৰ শিক্ষক তপন ৰাজখোৱাকে ধৰি কেইবাজনো লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *