...

তিতাবৰৰ ৰজাবাহৰত উদুলি-মুদুলি পৰিৱেশ।

Spread the love

তিতাবৰৰ ৰজাবাহৰত উদুলি-মুদুলি পৰিৱেশ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ত্ৰয়োবিংশতিতম অধিৱেশনৰ লাইখুঁটা।
সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত গায়ন-বায়ন, হৰিনামৰ ধ্বনিৰে মুখৰ চৌপাশ।

চাইন অন ডেস্ক:

তিতাবৰৰ ৰজাবাহৰত উদুলি-মুদুলি পৰিৱেশ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতিতম বাৰ্ষিক অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয়।

সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত গায়ন-বায়ন, হৰিনামৰ ধ্বনিৰে চৌপাশ মুখৰ হৈ পৰা পৰিৱেশত লাইখুঁটা স্থাপন কৰা হয়।

অনুষ্ঠানত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, সমাজকৰ্মী প্ৰাণ কুৰ্মী আদিৰ উপস্থিতি থাকে।

লাইখুঁটা স্থাপনৰ পিছতে সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰে জিলা শাখাৰ সম্পাদক প্ৰাচুৰ্য প্ৰতিম বৰাই।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ আতিথ্যত ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণদাস সমন্বয় ক্ষেত্ৰত ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অধিৱেশনখন।

Leave a Reply

Your email address will not be published. Required fields are marked *