আজি ধুবুৰী চহৰৰ মাজমজিয়াৰ এটা জনাকীর্ণ অঞ্চল কথমপি ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰাৰ সমান্তৰালকৈ সৌভাগ্যক্ৰমে প্ৰাণ ৰখা পৰে। জানিব পৰা মতে, ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত হৰিসভাৰ সমীপৰ পৱিত্ৰ ট্ৰেডিং নামৰ এটা ঔষধৰ হোলচেলৰ দোকানৰ সূত্ৰপাত ঘটে অগ্নিকাণ্ডটোৰ। প্ৰচণ্ড ধুঁৱাৰ মাজতে জুই অকস্মাত্ দোকানখনৰ ওপৰ মহলাতো বিয়পি পৰিবলৈ লয়।
অৱশ্যে, তিনিখনককৈ অগ্নি নিৰ্বাপক বাহনেৰে এছডিআৰফে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় আৰু এক বৃহৎ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বৃহত্তৰ সেই অঞ্চলটো। ইপিন, অগ্নিকাণ্ডত ওপৰ মহলাত আৱদ্ধ হৈ পৰা এগৰাকী বৃদ্ধাকো একো হানি-বিঘিনি নোহোৱাকৈ সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটা বুলি প্ৰকাশ। ইপিনে অগ্নিকাণ্ডটোত সেই ঔষধৰ দোকানখনৰ ঔষধ, চিকিৎসা-সঁজুলি, কম্পিউটাৰকে ধৰি বহু সা-সামগ্ৰ জুইত জাহ যায়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.