সভাই পুনঃপ্রকাশ কৰিব দণ্ডীধৰ ফাটোৱালীৰ গ্ৰন্থ
সোণোৱাল কছাৰী সাহিত্য সভাৰ দণ্ডীধৰ ফাটোৱালীক স্মৰণঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় শাখা গঠন
*চাইন অন ডেস্ক:*
সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণোৱাল কছাৰী অধ্যয়ন চক্ৰৰ সহযোগত জনজাতিটোৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ দণ্ডীধৰ ফাটোৱালী স্মৃতি দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে বিশ্ববিদ্যালয়ৰ বড়ো ভাষা অধ্যয়ন কেন্দ্ৰৰ সভাকক্ষত সভাৰ সভাপতি মোহন সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত অনুুষ্ঠানৰ আৰম্ভণিতে চাৰিমুখীয়া চাকি প্ৰজ্বলন কৰে সোণোৱাল কছাৰী সাহিত্য সভাৰউপদেষ্টা হেৰম্ব প্ৰসাদ দাসে৷ দণ্ডীধৰ ফাটোৱালীৰ প্ৰতিচ্চৱিত শ্ৰদ্ধাৰ্ঘ নিবেদন কাৰ্যসূচী মুকলি কৰে সভাপতি মোহন সোণোৱালে৷ ইয়াৰ পিছতে সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালে আঁতধৰা স্মৃতিচাৰণ সভা আৰু পুস্তিকা উন্মোচন সভাত বিশেষ বক্তা হিচাপে উপস্থিত থাকি লেখিকা তথা সমাজকৰ্মী জ্যোৎস্না সোণোৱালে ভাষণ প্ৰসংগত দণ্ডীনাথ ফাটোৱালীৰ স’তে লাভ কৰা সান্নিধ্যৰ স্মৃতি সম্পৰ্কে আলোকপাত কৰি এইগৰাকী ব্যক্তিক সমাজজীৱনত জীয়াই ৰখাৰ বাবে জন্মস্থান ডাঙৰীত এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক আহ্বান জনোৱাৰ লগতে সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি আৰু মুখ্য সম্পাদকক লৈ এটি ন্যাস পুঁজি গঠন কৰি তেওঁৰ স্মৃতিৰ স্বাৰ্থত কাম কৰিবৰ বাবেও তেওঁ ফাটোৱালীৰ পৰিয়ালবৰ্গ আৰু সাহিত্য সভাক আহ্বান জনায়৷ ইয়াৰ উপৰিও নতুন প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে সাহিত্য সভাৰ অধিৱেশনত দণ্ডীধৰ ফাটোৱালীৰ সোঁৱৰণত ‘নতুন প্ৰজন্ম’ৰ বাবে এক বঁটা প্ৰৱৰ্তনৰ বাবেও তেওঁ সভাক আহ্বান জনায়৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক বিৰ্কে বি থাপাই প্ৰয়াত ফাটোৱালীৰ জীৱন-কৃতী আৰু সান্নিধ্য সম্পৰ্কে চমুকৈ আলোকপাত কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালেও দেশৰ প্ৰাক-স্বৰাজ কালছোৱাত দণ্ডীধৰ ফাটোৱালীয়ে জনজাতিটোৰ বাবে যি অৱদান আগবঢ়াই গ’ল তাক শ্ৰদ্ধাৰে স্মৰণ কৰি নতুন প্ৰজন্মক তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়৷ পৰিয়ালবৰ্গৰ অনুৰোধক্ৰমে দণ্ডীধৰ ফাটোৱালীৰ গ্ৰন্থসমূহ সভাই পুনৰপ্ৰকাশৰ ব্যৱস্থা কৰিব বুলিও সভাৰ সভাপতি মোহন সোণোৱালে ঘোষণা কৰে৷ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাছ্কম বিভাগৰ সহযোগী অধ্যাপক ড॰ কান্তা কাবেৰী সোণোৱাল, সভাৰ পত্ৰিকা সম্পাদক কল্পজিৎ সোণোৱাল, বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ উপদেষ্টা বিমান সোণোৱালেও বক্তব্য আগবঢ়ায়৷ উক্ত অনুষ্ঠানতেই এখনি পুস্তিকা উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড॰ অৰ্পণা কোঁৱৰে৷ জোনটি সোণোৱালে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত অনুষ্ঠানত দণ্ডীধৰ ফাটোৱালীৰ নাতি অদিত ফাটোৱালী আৰু নাতিনী গীতা ফাটোৱালী, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সম্পাদক পৰীক্ষিত সোণোৱাল, বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ সভাপতি পৰশমণি সোণোৱাল, সম্পাদক চিৰঞ্জীৱ বড়া, বিশ্ববিদ্যালয় সহযোগী অধ্যাপক ড॰ উদয়ন বড়া, বণাৰ্লী সোণোৱাল, ‘সোণোৱাল বাৰ্তা’ৰ সম্পাদক ৰতন হাজৰিকাকে ধৰি আয়োজক সংগঠন দুটাৰ বিষয়ববীয়া আৰু সদস্য-সদস্যাসকল উপস্থিত থাকে৷ আনহাতে উক্ত অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত আন এক ৰাজহুৱা সভাত লিজা সোণোৱালক সভাপতি আৰু চিৰঞ্জীৱ বড়াক সম্পাদক হিচাপে লৈ সোণোৱাল কছাৰী সাহিত্য সভাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় শাখা সমিতিখন গঠন কৰা হয়৷
উপদেষ্টা হেৰম্ব প্ৰসাদ দাসে৷ দণ্ডীধৰ ফাটোৱালীৰ প্ৰতিচ্চৱিত শ্ৰদ্ধাৰ্ঘ নিবেদন কাৰ্যসূচী মুকলি কৰে সভাপতি মোহন সোণোৱালে৷ ইয়াৰ পিছতে সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালে আঁতধৰা স্মৃতিচাৰণ সভা আৰু
পুস্তিকা উন্মোচন সভাত বিশেষ বক্তা হিচাপে উপস্থিত থাকি লেখিকা তথা সমাজকৰ্মী জ্যোৎস্না সোণোৱালে ভাষণ প্ৰসংগত দণ্ডীনাথ ফাটোৱালীৰ স’তে লাভ কৰা সান্নিধ্যৰ স্মৃতি সম্পৰ্কে আলোকপাত কৰি এইগৰাকী
ব্যক্তিক সমাজজীৱনত জীয়াই ৰখাৰ বাবে জন্মস্থান ডাঙৰীত এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক আহ্বান জনোৱাৰ লগতে সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি আৰু
মুখ্য সম্পাদকক লৈ এটি ন্যাস পুঁজি গঠন কৰি তেওঁৰ স্মৃতিৰ স্বাৰ্থত কাম কৰিবৰ বাবেও তেওঁ ফাটোৱালীৰ পৰিয়ালবৰ্গ আৰু সাহিত্য সভাক আহ্বান জনায়৷ ইয়াৰ উপৰিও নতুন প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰত উৎসাহিত
কৰাৰ বাবে সাহিত্য সভাৰ অধিৱেশনত দণ্ডীধৰ ফাটোৱালীৰ সোঁৱৰণত ‘নতুন প্ৰজন্ম’ৰ বাবে এক বঁটা প্ৰৱৰ্তনৰ বাবেও তেওঁ সভাক আহ্বান জনায়৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক
বিৰ্কে বি থাপাই প্ৰয়াত ফাটোৱালীৰ জীৱন-কৃতী আৰু সান্নিধ্য সম্পৰ্কে চমুকৈ আলোকপাত কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালেও
দেশৰ প্ৰাক-স্বৰাজ কালছোৱাত দণ্ডীধৰ ফাটোৱালীয়ে জনজাতিটোৰ বাবে যি অৱদান আগবঢ়াই গ’ল তাক শ্ৰদ্ধাৰে স্মৰণ কৰি নতুন প্ৰজন্মক তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়৷ পৰিয়ালবৰ্গৰ
অনুৰোধক্ৰমে দণ্ডীধৰ ফাটোৱালীৰ গ্ৰন্থসমূহ সভাই পুনৰপ্ৰকাশৰ ব্যৱস্থা কৰিব বুলিও সভাৰ সভাপতি মোহন সোণোৱালে ঘোষণা কৰে৷ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাছ্কম বিভাগৰ সহযোগী অধ্যাপক
ড॰ কান্তা কাবেৰী সোণোৱাল, সভাৰ পত্ৰিকা সম্পাদক কল্পজিৎ সোণোৱাল, বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ উপদেষ্টা বিমান সোণোৱালেও বক্তব্য আগবঢ়ায়৷ উক্ত অনুষ্ঠানতেই এখনি পুস্তিকা উন্মোচন কৰে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড॰ অৰ্পণা কোঁৱৰে৷ জোনটি সোণোৱালে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত অনুষ্ঠানত দণ্ডীধৰ ফাটোৱালীৰ নাতি অদিত ফাটোৱালী আৰু নাতিনী গীতা ফাটোৱালী, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ
সভাপতি দেৱানন্দ চেলেং, সম্পাদক পৰীক্ষিত সোণোৱাল, বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ সভাপতি পৰশমণি সোণোৱাল, সম্পাদক চিৰঞ্জীৱ বড়া, বিশ্ববিদ্যালয় সহযোগী অধ্যাপক ড॰ উদয়ন বড়া, বণাৰ্লী সোণোৱাল,
‘সোণোৱাল বাৰ্তা’ৰ সম্পাদক ৰতন হাজৰিকাকে ধৰি আয়োজক সংগঠন দুটাৰ বিষয়ববীয়া আৰু সদস্য-সদস্যাসকল উপস্থিত থাকে৷ আনহাতে উক্ত অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত আন এক ৰাজহুৱা সভাত লিজা সোণোৱালক
সভাপতি আৰু চিৰঞ্জীৱ বড়াক সম্পাদক হিচাপে লৈ সোণোৱাল কছাৰী সাহিত্য সভাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় শাখা সমিতিখন গঠন কৰা হয়৷