Skip to content ছাগলীয়াত উন্নত জাতৰ ২৫ টাকৈ গৰু জব্দ
চাইন অন ডেস্ক:
অসম বংগ সীমান্তৰ আগমনিৰ ছাগলীয়াত জি এছ টি বিভাগে অভিযান চলাই মালবাহী কন্টেইনাৰ ভৰ্তি উন্নত জাতৰ বহি:ৰাজ্যৰ গৰু জব্দ কৰে।
বহি:ৰাজ্যৰ পৰা কন্টেইনাৰত গৰু ভৰ্তি কৰি ছাগলীয়া হৈ অসমত প্ৰৱেশ কৰে গৰু ভৰ্তি বাহন।
ছাগলীয়া আৰক্ষী চকীৰ সমিপত থকা কৰ পৰীক্ষণ চকীৰ কৰ্মচাৰীয়ে বাহনত থকা সামগ্ৰীৰ নথি-পত্ৰ বিচাৰি ৰখিবলৈ দিয়ে। কিন্তু কণ্টেইনাৰ খনৰ চালকে কৰ পৰীক্ষণ চকী বিভাগক কণীৰ চালানহে দেখুৱায়।
কৰ পৰীক্ষণ চকী বিভাগৰ সন্দেহ হোৱাত কন্টেইনাৰ খনৰ সামগ্ৰী দেখিবলৈ বিচাৰে।
কন্টেইনাৰ খনৰ সামগ্ৰী দেখুৱাৰ পৰিৱৰ্তে চালকে পলায়ন কৰে। পৰৱৰ্তীকালত
কৰ পৰীক্ষণ চকীৰ কৰ্মচাৰীয়ে কন্টেনাৰক লক্ষ্য কৰি পিছে পিছে খেদি যায়।
ছাগলীয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কন্টেইনাৰ এৰি চালক হেণ্ডিমেনে পলায়ন কৰে।পিছত কৰ পৰীক্ষণ বিভাগে ছাগলীয়া আৰক্ষীক খবৰ দিয়ে।
ছাগলীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহনখন তালাচী চলোৱাত উন্নত জাতৰ ২৫ টাকৈ গৰু উদ্ধাৰ কৰে।জব্দকৃত গৰু ভৰ্তি বাহনখনৰ নম্বৰ হৈছে UP-21 FT-1406.
Like this:
Like Loading...