...

জুবিনৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰাই হৈছিল সংগীতৰ যাত্ৰা

Spread the love

জুবিনৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰাই হৈছিল সংগীতৰ যাত্ৰা

৯০ দশকত জন্ম হৈছিল “এটচেট্ৰা” নামৰ এক মিউজিক বেণ্ড

টেকেলা চিৰিং গাওঁৰ পথৰ নাম সলনি কৰি “জুবিন গাৰ্গ পথ”

 

বিভাস দুৱৰা

অসমৰ জাতীয় জীৱনৰ এক সাহস,এক প্ৰেৰণা,এক সত্বা,এক উজ্জ্বল নক্ষত্ৰ অকালতে হেৰাই গল।লক্ষ,লক্ষ অনুৰাগীক উজাগৰে ৰাখি নিজেই চিৰদিনৰ বাবে শুই পৰিল সোনাপুৰৰ শ্মশানত।আজিও যেন শোকস্তব্ধ সমগ্ৰ; জাতি,মাটি,আকাশ-বতাহ আজি চৌদিশে জাগ্ৰত।সকলোৰে হৃদয় ভাঙি,তপত অশ্ৰু নিগৰিছে কেৱল জুবিন গাৰ্গৰ বাবে।
সমগ্ৰ দেশ,ৰাজ্যৰ লগতে জুবিনৰ সংগীত জগতৰ আন এক সুকীয়া স্থান আছিল ডিব্ৰুগড়।ডিব্ৰুগড়ৰ কুমাৰনিচিগাত জুবিনৰ অভিনেত্ৰী জেঠায়েক ৰেণু শৰ্মাৰ ঘৰ আছিল আৰু সেই সুবাদতে জুবিনৰ সঘন আহ যাহ হৈছিল ডিব্ৰুগড়লৈ।জুবিনৰ পূৰ্বে অসমত ডিব্ৰুগড়ৰ সু-সন্তান জিতুল সোণোৱালে তেওঁৰ স্ব-প্ৰতিভাৰে কি অসম, সমগ্ৰ দেশতে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।অৰ্থাৎ ডিব্ৰুগড় আছিল, সংস্কৃতিৰ বৰঘৰৰ আন এক প্ৰাণ কেন্দ্ৰ।ডিব্ৰুগড়ৰ বিভিন্ন সংস্কৃতিৰ অনুষ্ঠান সমূহৰ লগত জুবিনেও নিজকে জৰিত কৰি সংগীতৰ জয় যাত্ৰা অব্যাহত ৰাখিছিল।উল্লেখযোগ্য যে
ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ ভাস্কৰ শইকীয়াৰ(গীটাৰিষ্ট,বৰ্তমানে মুম্বাইত মিউজিক এৰেঞ্জাৰ) বাসগৃহত জুবিনৰ সংগীতৰ ৰসাল আদ্দাৰ লগতে আখৰা চলিছিল।এই আখৰাতে জন্ম হৈছিল “এটচেট্ৰা” নামৰ এক মিউজিক বেণ্ড।সেয়া আছিল ‘৯০ চন মানৰ কথা।সেই তেতিয়াই জুবিনৰ কণ্ঠই যেন সুবাস বিলাই
সুৰৰে গুঞ্জৰিত হৈছিল চৌদিশ।বৈৰাগীমঠৰ সেই গলিটোৰ ভাস্কৰ শইকীয়াৰ বাসগৃহৰ পৰা সন্ধ্যা ভাহি আহিছিল জুবিনৰ কালজয়ী গীত সমূহ।প্ৰসংগ ক্ৰমে উল্লেখ কৰিব লাগিব যে
সেই বেণ্ডত জৰিত আছিল ক্ৰমে দিগন্ত শৰ্মা(জুবিনৰ শব্দযন্ত্ৰী),ডনী হাজৰিকা(বৰ্তমানে মুম্বাইৰ মিউজিক এৰেঞ্জাৰ),ছবিন কুমাৰ দাস(ড্ৰামাৰ),ভাস্কৰ ৰাজকোঁৱৰ(কংগো,প্ৰয়াত),ৰাণা ৰয়(গীটাৰিষ্ট,প্ৰয়াত) আদিকে কৰি এটি সৰু বেণ্ড খুলিছিল আৰু তেতিয়াৰে পৰা ডিব্ৰুগড়,তিনিচুকীয়া,দুলীয়াজান,শিৱসাগৰ আদিত বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰি সুৰৰ পানচৈ মেলি দিছিল।
বৰ্তমানে উক্ত বৈৰাগীমঠৰ পথটো প্ৰয়াত বিশিষ্ট সাংবাদিক হেৰম্ব বৰদলৈৰ সুযোগ্য সন্তান গৌতম বৰদলৈয়ে বিগত ২০২০ চনত জুবিন গাৰ্গ নামেৰে নামাংকিত কৰি এক অনুষ্ঠানৰ জৰিয়তে জুবিনৰ হাতেৰে ৰাইজৰ বাবে মুকলি কৰিছিল।কেৱল সিমানেই নহয়……”মোৰ কোনো জাতি নাই,মোৰ কোনো ধৰ্ম নাই,মোৰ কোনো ভগৱান নাই! মই কাঞ্চনজংঘা” বুলি সততে কৈ অহা জুবিনৰ দ্বাৰাই ডিব্ৰুগড়ৰ বগীবিলত বিশিষ্ট উদ্যোগী ব্যক্তি গৌতম বৰদলৈৰ দ্বাৰা নিৰ্মিত “কাঞ্চনজংঘা” নামৰ ৰেষ্টুৰেণ্ট খন মুকলি কৰিছিল।এই ৰেষ্টুৰেণ্ট মুকলি কৰাৰ পাছত জুবিনে বগীবিলৰ পথৰে যাত্ৰা কৰিলে ভাতৰ যোগাৰ কৰি থবলৈ কৈছিল বুলি স্বত্বাধিকাৰী গৌতম বৰদলৈয়ে জানিবলৈ দি ‘নিয়মীয়া বাৰ্তাক’ কয় যে জুবিন আহিলে সাধাৰণতে ল’কেল চিকেন খাই বেছি ভাল পাইছিল।কেতিয়াবা কেতিয়াবা খৰালিৰ সময়ত ব্ৰহ্মপুত্ৰৰ মাজৰ বালিত বহি ‘চিকেন চিজলাৰ’ৰ আমেজ লৈছিল।তাৰোপৰি ল’কেল মাছৰ তৰকাৰী ইত্যাদিবোৰ থাকেই।জুবিনে বিশেষ নাখাইছিল,সোৱাদটো লৈছিল।কিন্তু লগৰবোৰক যিমান পাৰে খুৱাইছিল বুলি গৌতম বৰদলৈয়ে স্মৃতি সোঁৱৰি এইদৰে কয়।প্ৰকাৰন্তে জুবিনৰ স্বাস্থ্যৰ জতন নোলোৱাৰ বাবে তেওঁৰ সতীৰ্থ সকলক দোষাৰোপ কৰে বৰদলৈয়ে।ইফালে জুবিনৰ মৃত্যুক আজিও কোনেও সহজভাৱে লব পৰা নাই।ডিব্ৰুগড়ত অনুৰাগী সকলে আজিও অব্যাহত ৰাখিছে শ্ৰদ্ধাঞ্জলি।আনহাতেদি ডিব্ৰুগড়ৰ টেকেলা চিৰিং গাওঁৰ পথৰ নাম সলনি কৰি জুবিন গাৰ্গ পথ নামেৰে নামাকৰন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *