...

সূৰ্য শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক

Spread the love

সূৰ্য শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক

গুৱাহাটী:

সূৰ্য শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই গভীৰ শোক প্ৰকাশ কৰিছে।
এক প্ৰেছ বিজ্ঞপ্তিত মন্ত্রী বড়াই কয় যে এক বিৰল প্ৰতিভাৰ অধিকাৰী সংগীত শিল্পী, চলচ্চিত্র পৰিচালক, অভিনেতা, প্ৰকৃতি প্ৰেমী জুবিন গাৰ্গৰ অকাল বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
হেজাৰ হেজাৰ গীত লিখি, সুৰাৰোপ কৰাৰ লগতে কণ্ঠদান কৰি বিগত তিনি দশকৰো অধিক কাল ধৰি অসমৰ জনগণক মোহাচ্ছন্ন কৰি ৰখা জুবিন গাৰ্গে সদায় আৰ্তজনৰ কাষত থিয় দিছিল বুলি উল্লেখ কৰি মন্ত্রী বড়াই বিবৃতিটোত কয় যে শিল্পী গৰাকীয়ে অসমীয়া চলচ্চিত্ৰৰ বাণিজ্যিক দিশৰ উন্নয়নৰ বাবেও যথেষ্ট কৰি গ’ল।
অসমীয়াৰ লগতে হিন্দী, বাংলাকে ধৰি বিভিন্ন ভাষাত গীত গোৱা শিল্পী জনা সদায় জনগণৰ মাজতে আছিল, যাৰ বাবে তেওঁ জনগণৰ হিয়াৰ আমঠু হৈ পৰিছিল। জুবিন গাৰ্গৰ মৃত্যুত ‘অসমীয়া সংগীতৰ এক সমৃদ্ধিশালী যুগৰ অৱসান ঘটিল’ মন্ত্রী বড়াই বিবৃতিটোৰ জৰিয়তে প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *