...

উইম্বলডনৰ অন্তিম ৮লৈ উন্নীত আলকাৰাজ

 

 

উইম্বলডনৰ অন্তিম ৮লৈ উন্নীত আলকাৰাজ

 

কোৱাৰ্টাৰ ফাইনেলত জক’ভিচ, ছাবালেংকা

লণ্ডন:

সাতবাৰৰ চেম্পিয়ন তথা ষষ্ঠ বাছনি প্রাপ্ত ছাবিয়াৰ ন’ভাক জক’ভিচে চলিত উইম্বলডনৰ পুৰুষৰ ছিংগলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।

চেণ্টাৰ ক’ৰ্টত কালি অনুষ্ঠিত অন্তিম ১৬ৰ মেচ -এখনত জক’ভিচে একাদশ বাছনিৰ অষ্ট্ৰেলিয়াৰ এলেক্স ডি মিনাউৰক ১-৬, ৬-৪, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি অগ্রগতি লাভ কৰে। ইফালে দ্বিতীয় বাছনিৰ স্পেইনৰ কার্লোছ আলকাৰাজৰ হাতত কঠিন যুঁজৰ অন্তত আত্মসমর্পণ কৰে চতুৰ্দশ বাছনিৰ আন্দ্ৰে কভলেভে।

অন্তিম ১৬ৰ আন এখন মেচত আলকাৰাজে কভলেভক ৬-৭ (৫-৭), ৬-৩, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰি অন্তিম আঠলৈ উন্নীত হয়। সপ্তদশ বাছনিৰ কাৰেন কাছান’ভে কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰাৰ লগতে জর্ডান থম্পছনৰ বিপক্ষে ৱাক অভাৰ লাভ কৰি পঞ্চম বাছনিৰ টেইলৰ ফ্রিটজে কোৱাৰ্টাৰত প্ৰৱেশ কৰে। ২২তম বাছনিৰ ফ্লাবিঅ’ ক’ব’লিৰ হাতত পৰাস্ত হৈ গ্লেণ্ডশ্লামখনৰ পৰা বিদায় মাগে ক্ৰ’ৱেছিয়াৰ মাৰিন চিলিচে।

ইফালে জয়ৰ ধাৰা অব্যাহত ৰাখি শীর্ষ বাছনি প্রাপ্ত আবিনা ছাবালেংকাই মহিলা শাখাৰ ছিংগলছৰ অন্তিম ৮৩ স্থান নিশ্চিত কৰিছে।

প্রি-কোৱাৰ্টাৰ ফাইনেলত বেলাকছৰ তাৰকা খেলুৱৈগৰাকীয়ে ২৪তম বাছনিৰ বেলজিয়ামৰ এলিছ মার্টেনছক কিছু সংগ্ৰামৰ মূৰত ৬-৪, ৭-৬ (৭-৪) ছেটত পৰাস্ত কৰি অগ্রগতি লাভ করে। আনাষ্টাচিয়া পাভলিয়ুছেনক’ভাৰ লগতে লউৰা ছিগেমুণ্ডেও কোৱাটাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। অন্তিম ১৬ৰ-মেচত ছিগেমুণ্ডে ছ’লানা।

ছেৰাক সহজেই ৬-৩, ৬-২ ছেটত পৰাস্ত কৰাৰ বিপৰীতে পাভলিয়ুছেনক’ভাই ছ’নী কার্টালক ৭-৬ (৭-৩), ৬-৪ ছেটত পৰাস্ত কৰে। ১৯তম বাছনিৰ লিউডমিলা ছামছ’ন’ভাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে যদিও অষ্টাদশ বাছনিৰ একাটেবিনা আলেকজেন্ড্রোভাই প্রি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় মাগিছে। অন্তিম ১৬ৰ মেচত ছামছ’ন’ভাই স্পেইনৰ জেছিকা ব’উজাছ মানেইৰোক ৭-৫, ৭-৫ ছেটত পৰাস্ত কৰে যদিও আলেকজেন্ড্রোভাই দুইজাৰলেণ্ডৰ বেলিণ্ডা বেনচিচৰ হাতত ৬-৭ (৪-৭), ৪-৬ ছেটত পৰাজয় স্বীকাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *