চেংকাইক হত্যাৰ বাবে ক্ৰয় কৰা পিষ্টল উদ্ধাৰ
নাগালেণ্ডৰ পৰা ৬৫ হাজাৰ টকাত ক্ৰয় কৰিছিল মাৰাণাস্ত্ৰটো
চাইন অন ডেস্ক:
অৱশেষত আৰক্ষীয়ে জব্দ কৰিলে উত্তম গগৈ ওৰফে চেংকাইক হত্যাৰ বাবে ক্ৰয় কৰা পিষ্টলটো। দুদিনমানৰ পূৰ্বে বৰবৰুৱা আৰক্ষীয়ে ঘৰ্ঘৰা চিনামৰা গাঁৱৰ পৰা চাৰিজাঁই সক্ৰিয় গুলী জব্দ কৰিছিল। ছুপাৰী কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰই এটা পিষ্টলসহ ছয় জাঁই গুলী ক্ৰয় কৰিছিল। ইয়াৰে এটা গুলী বগীবিলত ফুটাইছিল আৰু এটা গুলী উদ্ধাৰ কৰিব পৰা নাছিল।
ইফালে পুনৰ চাৰিদিনৰ বাবে আৰক্ষীয়ে পত্নী ববী সোণোৱাল গগৈ আৰু ছুপাৰী কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁইক জিন্মাত লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটো বিচাৰি চলাইছিল অভিযান। অৱশেষত আজি বৰবৰুৱা আৰক্ষীয়ে বগীবিল আৰক্ষীৰ সহযোগত অভিযান চলাই বগীবিল নাহৰণিৰ অৰুণ গগৈৰ বাসগৃহৰ পৰা পিষ্টলটো জব্দ কৰিবলৈ সক্ষম হয়। অৰুণ গগৈৰ বাসগৃহত পুতি থোৱা অৱস্থাত জব্দ কৰে পিষ্টলটো। জানিব পৰামতে, ৬৫ হাজাৰ টকাৰে মাৰণাস্ত্ৰটো নাগালেণ্ডৰ সীমান্তৰ পৰা ক্ৰয় কৰিছিল।

উল্লেখ্য যে ছুপাৰী কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁইৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰবৰুৱা আৰক্ষীয়ে ৫ আগষ্টত জামিৰাৰ ঘৰ্ঘৰা চিনা টুকুৰা গাঁৱৰ পৰা চাৰি জাঁই সজীৱ পিষ্টলৰ গুলী উদ্ধাৰ কৰিছিল। ইফালে ইয়াৰে এটা গুলী
উত্তম গগৈৰ পত্নী ববী সোনোৱাল গগৈ আৰু কন্যাৰ প্ৰেমিক দিব্যজ্যোতি বুঢ়াগোহাইঁ আৰু চুপাৰী কিলাৰ গৌৰাংগ পাত্ৰ সহ কন্যা নৱমল্লিকাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছিল।
আনহাতেদি ববী আৰু দীপজ্যোতিৰ কালিলৈ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিব। ইফালে চেংকাইৰ একমাত্ৰ সন্তানটিৰ আজি জন্মদিন। খুড়ায়েকৰ সৈতে থাকে চেংকাইৰ একমাত্ৰ সন্তানটি। আজি স্থানীয় ৰাইজে সমজুৱাকৈ চেংকাইৰ সন্তানটিৰ জন্মদিন উদযাপন কৰা হয়।


