উজনিৰ লগতে ডিব্ৰুগড়বাসী ৰাইজলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ !এতিৰে পৰা পুৱাই ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা উৰা মৰিব বিমান।দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হল মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত। আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়বাসী ৰাইজক পুৱাই বিমান সেৱাৰ উপলব্ধৰে উপকৃত কৰে।ডিব্ৰুগড়বাসীৰ দীৰ্ঘদিনীয়া অভাৱ বা দাবী আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাতিপুৱাই ডিব্ৰুগড়ৰ পৰা বিমান সেৱা এতিয়াৰে পৰা প্ৰৱৰ্তন কৰা হব।তেওঁ অভাৱ পূৰণ কৰি কয় যে ইণ্ডিগ’ৱে তিনিখনকৈ নতুন বিমান চলাচলৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।