...

কালজয়ী উপন্যাস Ledolam: The Forgotten Road’

কালজয়ী উপন্যাস Ledolam: The Forgotten Road’

জুৰী বৰা বৰগোহাঞিৰ ৰচনা বিপুল দেউৰীৰ অনুবাদেৰে

চাইন অন ডেস্ক,২৩জুলাইঃ

দিত্বীয় বিশ্বযুদ্ধৰ সমান্তৰালকৈ অসমৰ ক্ষুদ্ৰ আৰু অখ্যাত চহৰ লিডুত হঠাতে যুদ্ধৰ দামামা বাজি উঠিছিল। এই যুদ্ধ জেনেৰেল যোচেফ ৱাৰেন ষ্টিলৱেলৰ নেতৃত্বত এটা অসম্ভৱ দীৰ্ঘকায় ১৭০০ কিলোমিটাৰৰ পথ নিৰ্মাণৰ যুদ্ধ। লিডুৰ পৰা তেতিয়াৰ ব্ৰহ্মদেশ আৰু বৰ্তমানৰ ম্যানমাৰৰৰ মাজেৰে মহাচীনৰ কুনমিঙলৈকে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰয়োজনত নিৰ্মাণ কৰা হৈছিল পথটো। দুৰ্গম অৰণ্য, ওখ পাহাৰ, ভৰা নদীৰ প্ৰত্যাহ্বান, জাপানী সৈন্যৰ আক্ৰমণ, বনৰীয়া জীৱ-জন্তু, মেলেৰীয়া, অচিন ৰোগৰ মুখামুখি হৈ বিশ্বৰ আটাইতকৈ কঠিনতম পথটো নিৰ্মাণ কৰা হৈছিল। ষ্টিলৱেল ৰোড আজিও মানৱ দৃঢ়তা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ত্যাগৰ এক শক্তিশালী প্ৰতীক হৈ আছে। ই তিনিখন দেশক স্থলপথেৰে সংযোগ কৰিলে আৰু উত্তৰ-পূব ভাৰতৰ ইতিহাসত এক নতুন দিগন্তৰ সূচনা কৰিলে। অতীতত স্থানীয় চিংফৌসকলে কৈ অহা ‘‘লিড’লাম” অৰ্থাৎ লিডুপথ অৱশেষত ‘ষ্টিলৱেল ৰোড’ নামেৰে বিশ্বৰ মানচিত্ৰত জিলিকি উঠিল। হলীউড, বলিউডৰ প্ৰখ্যাত চিনেমা নিৰ্মাতাৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা আমেৰিকা, ইংলেণ্ড, চীনকে ধৰি বিশ্বৰ বহুকেইখন দেশৰ ৰাজনৈতিক-প্ৰশাসনিক নেতা-বিষয়া, শ্ৰমিক, ইঞ্জিনীয়াৰ, সেনাৰ শ্ৰম-পৰিকল্পনাৰে নিৰ্মিত পাহৰণিৰ গৰ্ভলৈ গতি কৰা ষ্টিলৱেল ৰোড নিৰ্মাণৰ অসাধাৰণ ইতিহাস আৰু কাহিনীয়ে অনুবাদ সংস্কৰণৰ যোগেদি সুকীয়া গুৰুত্ব লাভ কৰিবলৈ আগুৱাইছে। “লিড’লাম- দ্য ফৰ্গটেন ৰোড”ৰ যোগেদি বিশ্ব সাহিত্যত অসমীয়া সাহিত্যৰ আৰু এক শক্তিশালী সংযোজন হ’ল।
উল্লিখিত ইতিহাস আৰু সমগ্ৰ ঘটনাৰাজীক জীৱন্ত কৰি “লিড’লাম’’ ২০১২ চনত প্ৰকাশ পোৱা অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈকে নিৰ্মিত বিশ্বখ্যাত, আচৰ্যকৰ, ঐতিহাসিক ষ্টিলৱেল ৰোড নিৰ্মাণ কাহিনীৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু বিশ্বমানৰ মনোৰম উপন্যাস। জুৰী বৰা বৰগোহাঞিয়ে ৰচনা কৰা এই উপন্যাসখনে প্ৰকাশৰ পাছতেই লাভ কৰে ‘জীৱন ইনিচিয়েটিভৰ বছৰৰ বিশেষ স্বীকৃতি ২০১২’’ সন্মান।“লিড’লাম”ৰ বৰ্তমানলৈকে ‘বনফুল’ আৰু ‘বনলতা’ প্ৰকাশনৰ দ্বাৰা অসমীয়া ভাষাত ছয়টা সংস্কৰণ প্ৰকাশ হৈছে। উপন্যাসখনৰ আধাৰত নিৰ্মিত “ষ্টিলৱেল ৰ’ডঃ দ্য মেমৰী অৱ এ ফৰগ’টেন ৱাৰ’’ৰ বাবে দেশৰ সৰ্বশ্ৰেষ্ঠ আলেখ্যৰ সন্মান “ৰাষ্ট্ৰীয় আকাশবাণী বাৰ্ষিক বঁটা ২০১৮’’ লাভ কৰে। অসমৰ প্ৰখ্যাত শিক্ষাবিদ, সাহিত্য সমালোচক, স্তম্ভলেখক, বুদ্ধিজীৱী তথা চিন্তাবিদ ড°হীৰেন গোহাঁই য়ে “লিড’লাম’’ সম্পৰ্কত মন্তব্য কৰিছে- ‘মোৰ বিবেচনাত এইখন সাম্প্ৰতিক কালৰ এখন উল্লেখযোগ্য আৰু স্মৰণীয় অসমীয়া উপন্যাস। জুৰী বৰা বৰগোহাঞিৰ এইখন উপন্যাসত লেখিকাৰ সাধনাৰ পৰিপক্কতা পৰিস্ফুট হৈছে আড়ম্বৰহীনতাত, ভাষাৰ সংযমত। বাস্তৱ যেন মূৰ্ত হৈ উঠিছে তেওঁৰ ৰচনাত। তেওঁৰ ব্যক্তিসত্তা সেই বাস্তৱৰ ৰূপায়ণতে সম্পূর্ণৰূপে বিলীন হৈছে। ই এক বিৰল সাফল্য।’ “লিড’লাম” অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছে বিপুল দেউৰীয়ে। “লিড’লাম- দ্য ফৰ্গটেন ৰোড”ৰ ইংৰাজী সংস্কৰণৰ প্ৰকাশক ‘বিগফুট পাব্লিকেশ্যনছ্’ হৈছে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন মঞ্চ। প্ৰকাশন গোষ্ঠীটোৰ ভাৰতত গ্লোবেল হেডকোৱাৰ্টাৰ লগতে আন্তঃৰাষ্ট্ৰীয় অফিচ মালয়ছিয়া আৰু য়ুনাইটেড কিংদমত আছে। প্ৰকাশন গোষ্ঠীটোৱে লেখকৰ ব্ৰেণ্ডিংত বিশেষ গুৰুত্ব দিয়ে, য’ত “এমাজন বেষ্টচেলাৰ”ৰ নিশ্চয়তাও থাকে। WHSmith, Walmart, Crossword, আৰু Oxford আদিৰ দৰে ডাঙৰ বিক্ৰেতাৰ সৈতে তেওঁলোকে গ্ৰন্থ বিক্ৰী-বিতৰণ কৰে। বৃহৎ পৰিসৰৰ বিপণনত গুৰুত্ব দিয়া ‘বিগফুট পাব্লিকেচনছ’-এ বিশ্বৰ ১৫০+ খন দেশ, নিৰ্বাচিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু সমগ্ৰ ভাৰততে তেওঁলোকে প্ৰকাশ কৰা গ্ৰন্থৰ বিস্তৃত বিতৰণ কৰে।
আজি উপন্যাসখনত প্ৰতিফলিত গুৰুত্বপূৰ্ণ বিভিন্ন দিশ আলোচনা কৰা হয় গুৱাহাটীৰ বনফুল প্ৰকাশনৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ চাহ মেলত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক, চিন্তাবিদ ডঃ অখিল ৰঞ্জন দত্ত, চিত্ৰশিল্পী চম্পক বৰবৰা, লেখক ইন্দ্ৰজিৎ দত্ত, সাংবাদিক জিতুমণি বৰা, সাংবাদিক অমৰেন্দ্ৰ ডেকা, জ্যেষ্ঠ সাংবাদিক ৰাজীৱ মহন্ত, লেখক মণিদীপা বৰকটকী, কবি গীতা চহৰীয়া, ড০ মনোৰমা শৰ্মা, বিগ্ৰেদিয়াৰ ৰাঞ্জিৎ বৰঠাকুৰ, আই.এচ. দেৱেশ্বৰ মালাকাৰ, ফটো সাংবাদিক পংকজ ডেকা, ‘বনফুল’ৰ প্ৰকাশক বিনু দেউৰী, আস্থানন্দিনী বৰগোহাঞি আদিয়ে ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি আৰু অনুবাদক বিপুল দেউৰীৰ সৈতে বাৰ্তালাপ কৰি উপন্যাসখনৰ আন্তৰাষ্ট্ৰীয় বিষয়-বস্তু, ঘটনাৰাজীৰ সৈতে বিষয়ে বিশ্বৰ পাঠক সমাজ জ্ঞাত হোৱাটো অত্যন্ত অৱশ্যকীয় বুলি মত ব্যক্ত কৰে। সামগ্ৰিক অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক মেৰু মিঠু কটকীয়ে।
অসমৰ পাঠক সমাজ ইতিমধ্যেই অৱগত যে“লিড’লাম’’ৰ লেখিকা জুৰী বৰা বৰগোহাঞি এগৰাকী খ্যাতনামা ঔপন্যাসিক, নিবন্ধকাৰ, গল্পকাৰ হোৱাৰ লগতে সমাজ, প্ৰান্তীয় জনতাৰ প্ৰতি সৰৱ-দায়িত্বশীল, সক্ৰিয় পৰিবেশ-কৰ্মী আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া প্ৰতিবাদী ব্যক্তি। অসমৰ সাহিত্য জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি থকা সাহিত্যিক গৰাকীৰ ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘লিড’লাম’, ‘ভোক’, ‘সিহঁত’, ‘আাংকুশ’, ‘কেম’ফ্লেজ”, ‘নেত্ৰী’কে ধৰি এতিয়ালৈকে তেৰখন জনপ্ৰিয় উপন্যাস আৰু একোখনকৈ নিবন্ধ আৰু গল্পৰ সংকলন প্ৰকাশ পাইছে। আশা কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব থকা “লিড’লাম- দ্য ফৰ্গটেন ৰোড”-এ বিশ্বৰ পঢ়ুৱৈ সমাজৰ সমাদৰ আৰু স্বীকৃতি লাভ কৰিব। আনহাতে “লিড’লাম’’ৰ অনুবাদক বিপুল দেউৰী অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট অনুবাদক, যিয়ে বহুকেইখন জনপ্ৰিয় গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰিছে আৰু ইংৰাজীলৈও অসমীয়া গ্ৰন্থ অনুবাদ কৰি আহিছে। তেওঁ ২০১৪ চনত আমিশ ত্ৰিপাঠীৰ ‘দ্য ইম্মৰটেলছ অব্ মেলুহা’ৰ অসমীয়া অনুবাদৰ বাবে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে। কোৱা হৈছে যে ‘লিড’লাম’ৰ ইংৰাজী অনুবাদে বিশ্বখ্যাত পথটোৰ আশ্চৰ্যকৰ নিৰ্মাণ কাহিনী বিশ্বৰ প্ৰায় সকলো দেশৰ পাঠকৰ মাজলৈ নিয়াৰ লগতে অসমীয়া উপন্যাসৰ শক্তিশালী পৰিচয় তুলি ধৰিবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *