ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বৰবৰুৱা আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত মানৱ সৰবৰাহ, বাল্য বিবাহ আৰু শিশু শ্ৰমৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত গাওঁ পঞ্চায়তৰ সচিব, গাওঁ পৰ্যায়ৰ শিশু সুৰক্ষা সমিতিৰ সদস্য সদস্যা সকল উপস্থিত থাকে। জিলা সমাজ কল্যাণ বিষয়াই পৰিচালনা কৰা এই সভা খনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিব, খণ্ড উন্নয়ন বিষয়া, জিলা শিশু সুৰক্ষা গোটৰ প্ৰকল্প বিষয়া। সমল ব্যক্তি সকলে বিভিন্ন আইনী প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গাওঁ পঞ্চায়তৰ সচিব আৰু গাওঁ পৰ্যায়ৰ শিশু সুৰক্ষা সমিতিৰ বিষয়ববীয়া সকলৰ কৰণীয় কাম বোৰ কেনেদৰে সমাপন কৰিব লাগে তাৰ ওপৰত বক্তব্য ৰাখে আৰু কোনো ভুক্তভোগীক কেনেদৰে ক্ষতিপূৰণ আচনি আৰু অন্যান্য সামাজিক সুৰক্ষা আঁচনিৰ অধীনত অন্তৰ্ৱতীকালীন আৰু চুড়ান্ত ক্ষতিপূৰণ দিব পাৰি ইয়াৰ ওপৰত বক্তব্য ৰাখে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.