...

 বৰহোলাত ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক সদৌ অসম শিশু ভাওনা সমাৰোহ।

 বৰহোলাত ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক সদৌ অসম শিশু ভাওনা সমাৰোহ।
 গায়ন-বায়ন, হৰিনামৰ ধ্বনিৰে শিক্ষাবিদ জয়ৰাম বৰা ক্ষেত্ৰত উদুলি-মদুলি পৰিৱেশ।
ৰাজ্যৰ ১৭ টাকৈ ভাওনা দলে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত।

তিতাবৰ:

বৰহোলাত আজিৰে পৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক শিশু ভাওনা সমাৰোহ।
বৰহোলাৰ সদৌ অসম শিশু ভাওনা সমাৰোহ উদ্‌যাপন সমিতিৰ উদ্যোগত আৰু শংকৰ মাধৱ শিশু শিল্পী সমাজৰ সহযোগত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ।
আজি পুৱাৰে পৰা গায়ন-বায়ন, হৰিধ্বনিৰে প্ৰয়াত শিক্ষাবিদ জয়ৰাম বৰা ক্ষেত্ৰত উদুলি-মদুলি পৰিৱেশ বিৰাজ কৰিছে।


পুৱা অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় মোহন সন্দিকৈয়ে ফিটা কাটি তোৰণ উন্মোচন কৰাৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গজেন হাজৰিকাই জয়ৰাম বৰা ক্ষেত্ৰ উদ্বোধন কৰে। ইয়াৰ পিছতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নাম প্ৰসঙ্গ অনুষ্ঠিত হয়।
উল্লেখ্য যে আজি ২১ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ টাকৈ দলে অংশগ্ৰহণ কৰিব। প্ৰতি সন্ধিয়া দুখনকৈ ভাওনা প্ৰদৰ্শন হ’ব।
ভাওনাৰ প্ৰতিটো দিনত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ মুখ্য সম্পাদক দেৱজিৎ সোণোৱালে।

Leave a Reply

Your email address will not be published. Required fields are marked *