লাহোৱালৰ যুগল কোঁৱৰলৈ ডিব্ৰুগড় জিলাৰ কৃতী শিক্ষকৰ বঁটা প্ৰদান
চাইন অন ডেস্ক:
বিশিষ্ট দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি কেন্দ্ৰীয়ভাৱে ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। লাহোৱাল শিক্ষাখণ্ডৰ চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক যুগল কোঁৱৰক জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয়। ২০১২ চনত শিক্ষক ৰূপে নিযুক্ত হৈ শৈক্ষিক ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে তেখেতক স্বীকৃতি দিয়াত লাহোৱাল শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া-কৰ্মচাৰী, বিদ্যালয়ৰ সহকৰ্মী, বিদ্যালয় পৰিচালনা সমিতি, শিক্ষাখণ্ডৰ শিক্ষক-কৰ্মচাৰী, বৃহত্তৰ লাহোৱাল অঞ্চলৰ দল সংগঠন তথা ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা বাবে গামোচা, চেলেং, এখন শৰাই আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰা হয়। বিভিন্ন শৈক্ষিক প্ৰশিক্ষণ, কৰ্মশালা সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে জিলাভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাসমূহ পৰিচালনা কৰাৰ দক্ষতা আছে। ক’ভিডকালীন সময়ছোৱাত তেখেতে অনলাইন শিক্ষা প্ৰদান কৰিছিল। সামূহিক অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ’ ব্ৰহ্মপুত্ৰ আৰু ৰেডিঅ’ জ্ঞানমালিনীৰ পাঠদানৰ এজন নিয়মীয়া পাঠদাতা। ডিব্ৰুগড় জিলা শৈক্ষিক গোটৰ এগৰাকী সদস্য যুগল কোঁৱৰৰ আৰ্থ-সামাজিক, সাহিত্য, সংস্কৃতি, ক্ৰীড়া উত্তৰণত বিশেষ অৱদান পৰিলক্ষিত হয়। দৈনিক জনমভূমি, অসম আদিত্য আদি কাকতৰ নিয়মীয়া স্তম্ভ লেখক ৰূপে পৰিচয় লাভ কৰিছে। বহুকেইখন শৈক্ষিক আলোচনী, ই মেগাজিন সম্পাদনা কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্মৃতিগ্ৰন্থ সম্পাদনা কৰি আহিছে। কেইবাখনো মাহেকীয়া আলোচনীত নিয়মিত লেখা প্ৰকাশ পাই আহিছে। ২০১৪ চনত ডিব্ৰুগড় জিলা সাহিত্য সভাই তেখেতৰ এখন কাব্যপুথি প্ৰকাশ কৰিছে। উল্লেখ্য যে ২০১৪ চনৰ অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ ৰামধেনু অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ একমাত্ৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিবলৈ সক্ষম 
শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত ডিব্ৰুগড় জিলাৰ তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰাৰ লগতে আৰু আন দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক বিশেষ সেৱা বঁটা প্ৰদান কৰা হয়। ইয়াৰোপৰি, ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় জিলাত ৯০% বা তাতোধিক উত্তীৰ্ণৰ হাৰ প্ৰদৰ্শন কৰা ২৩ খনকৈ বিদ্যালয়ৰ কতৃপক্ষক আজিৰ অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই আদৰণি ভাষণ আগবঢ়োৱা কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, অসমৰ ৰাজ্যপালৰ জিলা ভিত্তিক বয়োজ্যেষ্ঠ শিক্ষকৰ বঁটা প্ৰাপক মদন মঞ্জুৰী কোঁৱৰ প্ৰমুখ্যে জিলাখনৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষা বিভাগ আৰু অন্যান্য বিভিন্ন বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে।