...

ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবসৰ শুভ উদ্বোধন

Spread the love

ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবসৰ শুভ উদ্বোধন

জিলা খনৰ ৫ বছৰ অনুৰ্ধ্বৰ ১,৯২,৭১৬ গৰাকী শিশুক দুটোপাল পলিঅ’ ভেকচিন প্ৰদানৰ লক্ষ্য

জিলাখনত মুঠ ৯৫৪টা পলিঅ’ বুথ স্থাপন, নিয়োজিত ৩,৭১০ গৰাকী স্বাস্থ্যকর্মী

 

চাইন অন ডেস্ক:

আজি জিলা স্বাস্থ্য সমিতি ডিব্ৰুগড়ৰ উদ্যোগত ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয় চৌহদত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবস (প’লিঅ’ দিৱস) ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । আজীৱন পক্ষাঘাতৰ সৃষ্টি কৰিব পৰা পলিঅ’মাইলাইটিছ ৰোগৰ পৰা শিশুসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই অভিযানৰ অধীনত জিলা খনৰ সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ অঞ্চল আৰু নগৰ অঞ্চলৰ ৫ বছৰ অনুৰ্ধ্বৰ ১,৯২,৭১৬ গৰাকী শিশুক দুটোপাল পলিঅ’ ভেকচিন প্রদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।এই বিশেষ কাৰ্যসূচীৰ মূল লক্ষ্য হ’ল ‘প্রতিটো শিশুক প্রতিষেধকৰ আওতালৈ আনা’, যাতে দেশখনৰ পলিঅ’-মুক্ত স্থিতি নিৰৱচ্ছিন্নভাবে বজাই ৰাখিব পৰা যায়। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ ৯৫৪টা পলিঅ’ বুথ স্থাপন কৰা হৈছে। একেদৰে সমগ্ৰ কাৰ্যসূচী সফলভাৱে সম্পাদন কৰিবলৈ মুঠ ৩,৭১০ গৰাকী স্বাস্থ্যকর্মী নিয়োজিত কৰাৰ লগতে প্রতিটো বুথত প্রশিক্ষিত স্বাস্থ্যকর্মী, আশা, অংগনৱাড়ী কর্মী আৰু স্বেচ্ছাসেৱক নিযুক্ত কৰা হৈছে। একেদৰে, ট্রেনজিট পইন্ট, বাছ ষ্টেও ৰে’লৱে ষ্টেচন, বজাৰ আৰু অন্যান্য জনবহুল স্থানসমূহত যাতায়াতকাৰী শিশুসকলক সুৰক্ষিতভাৱে দুটোপাল প’লিঅ’ খোৱাবলৈ বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। আনহাতে যিসকল শিশুয়ে কোনো কাৰণ বশত: বুথত উপস্থিত হৈ প’লিঅ’ প্ৰতিষেধক সেৱন কৰিব নোৱাৰিলে তেওঁলোককো প্রতিষেধকৰ আওতালৈ আনিবলৈ ১২ অক্টোবৰৰ বুথ দিৱসৰ পিছত ১৩ আৰু ১৪ অক্টোবৰত ঘৰে ঘৰে প্ৰতিষেধক স্বাস্থ্য কৰ্মী য়ে প্ৰদান কৰিব ।
এই অভিযানৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে ডব্লিউ এইচ অ’, ৰটাৰী ক্লাব, আৰু অন্যান্য স্থানীয় সংগঠনসমূহৰ সহযোগত ব্যাপক প্রস্তুতি গ্ৰহণ কৰিছে। জিলা স্বাস্থ্য বিভাগে, সেয়েহে সকলো পিতৃ-মাতৃ আৰু অভিভাৱক সকলক তেওঁলোকৰ পাঁচ বছৰৰ তলৰ সন্তানক এই জীৱন ৰক্ষাকাৰী দুটোপাল পলিঅ’ ভেকচিন সেৱন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে । উল্লেখযোগ্য যে আজিৰ এই উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰা, অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিশ্বজিৎ বৰুৱা, ভাৰপ্ৰাপ্ত টীকা কৰণ বিষয়া ডাঃ ৰাণী চুতীয়া হুছেইন, ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উৎপলা বৰুৱা, এ বি পি এম বসন্ত বৰদলৈ প‌্ৰমুখ্যে চিকিৎসালয় খনৰ সমূহ কৰ্মচাৰী -স্বাস্থ্য কৰ্মী আৰু অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় তথা টীকাকৰণ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মী বৃন্দ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়ৰ কৰ্মচাৰী সকল উপস্হিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *