সীমান্ত সুৰক্ষাত ভাৰতৰ আৰু এখোজ !
অৰুণাচল প্ৰদেশৰ ছিয়াং নদীৰ ওপৰত প্ৰথমখন এক্সট্ৰাড’জড দলং
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সীমান্ত পথ সংস্থাৰ সিদ্ধিবিনায়ক- অ’জেএছচি ইউৰো (জেভি) নিৰ্মাণ কৰিব
নতুন দিল্লীঃ
সিদ্ধিবিনায়ক ইনফ্ৰা ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড (পূৰ্বতে সিদ্ধিবিনায়ক কনষ্ট্ৰাকচন) – অ’জেএছচি ইউৰো এছিয়ান কনষ্ট্ৰাকচন কৰ্প’ৰেশ্যনে (জেভি) ভাৰতৰ প্ৰথম একক স্পেন ২৬৩.৫ মিটাৰৰ এক্সট্ৰাড’জড দলঙৰ ইপিচি চুক্তি লাভ কৰে। দলঙৰ মুঠ দৈৰ্ঘ্য -৩৮৬ মিটাৰ আৰু ছিয়াং নদীৰ ওপৰত নিৰ্মান হব লগীয়া দলংৰ ব্যয়ৰ মূল্য ১২৪.৩৭ কোটি টকা।
সিদ্ধিবিনায়ক ইনফ্ৰা ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড (পূৰ্বতে সিদ্ধিবিনায়ক কনষ্ট্ৰাকচন নামেৰে জনাজাত)ৰ সঞ্চালক বিজয় শ্বাহ, মিষ্টাৰ কিপা তাৰাং আৰু মিষ্টাৰ লোমা গোলোৱে দলংখনৰ বিশদ ডিজাইনৰ বাবে এছচিষ্টেম ফৰ্মাৰ (পূৰ্বতে লাৰ্চেন এণ্ড টৌব্ৰ’ ইনফ্ৰা ইঞ্জিনিয়াৰিং লিমিটেড )ক নিযুক্তি দিছে।
এই দলংখন এটা বৃহত্তৰ প্ৰকল্পৰ অংশ য’ত ৬৩.৫০ মিটাৰ স্পেনৰ এখন ডাঙৰ দলংও অন্তৰ্ভুক্ত কৰা হৈছে।এই প্ৰকল্পৰ লক্ষ্য হৈছে সংযোগ উন্নত কৰাৰ লগতে ভাৰতীয় সেনাবাহিনীৰ বাবে গধুৰ যান-বাহনৰ চলাচলত সুবিধা প্ৰদান কৰা, দূৰত্ব ১৮০ কিলোমিটাৰ হ্ৰাস কৰা।
সিদ্ধিবিনায়ক ইনফ্ৰা ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড – অ’জেএছচি ইউৰো এছিয়ান কনষ্ট্ৰাকচন কৰ্প’ৰেশ্যন (জেভি) হৈছে এটা পেছাদাৰী পৰিচালিত নিৰ্মাণ কোম্পানী
ইতিমধ্যে দলংখনৰ নিষ্পাদন আৰম্ভ হৈছে য’ত ইপিচি ঠিকাদাৰৰ দ্বাৰা জিঅ’টেকনিকেল ইনভেষ্টিগেচন এণ্ড জৰীপৰ কাম চলি আছে।অৰুণাচল প্ৰদেশ ৰাজ্যই প্ৰথমখন এক্সট্ৰাড’জড দলং লাভ কৰিবলৈ সক্ষম হৈছে।