...

ডিব্ৰুগড়ত শ্বহীদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ আৰু পৌৰ নিগমৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰ জন্মতিথি উদযাপন

Spread the love

ডিব্ৰুগড়ত শ্বহীদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ আৰু পৌৰ নিগমৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰ জন্মতিথি উদযাপন

 

চাইন অন ডেস্ক:

ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা কুশল কোঁৱৰৰ জন্ম হৈছিল ১৯০৫ চনৰ ২১ মাৰ্চত গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিত। দেশমাতৃক ৰক্ষা কৰিবলৈ গৈ ১৯৪২ ৰ ১৫ জুনত আত্মবলিদান দিয়া স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ কালি জন্মতিথি ডিব্ৰুগড় শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষা সমিতি আৰু ডিব্ৰুগড় পৌৰ নিগমৰ উদ্যোগত কালি পালন কৰা হয়। ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিস্থিত শ্বহীদ কুশল কোঁৱৰ উদ্যানত থকা কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে ডিব্ৰুগড় নগৰ পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ আৰু স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্ৰকাশ গগৈয়ে। ভক্তিমূলক প্ৰাৰ্থনাৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে সমিতিৰ সভাপতি প্ৰকাশ গগৈৰ সভাপতিত্বত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। শ্বহীদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ সম্পাদক অনিল প্ৰসাদ সিংহই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গন্ধেশ্বৰ শইকীয়া, শিক্ষাবিদ ড°শশীকান্ত শইকীয়া,বিশিষ্ট গল্পকাৰ আৰু সাহিত্য সংগঠক প্ৰশান্ত শইকীয়া, বিশিষ্ট অধিবক্তা প্ৰসেনজিৎ কুমাৰ গোস্বামী, বিশিষ্ট লেখক মদন কোঁৱৰ,ড অশোক কুমাৰ লস্কৰ ( ইউ নেচক সম্বয়ক ) বিশ্বনাথ গাৰোডীয়া, ভূপেন ফুকন, মৃদুলা শৰ্মা,মানিক বৈশ,ৰঞ্জিত মেচ , অনিৰুদ্ধদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ ৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি আৰু সমিতিৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকি শ্বহীদ কুশল কোঁৱৰক স্মৰণ কৰে। উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়াই কয় যে ডিব্ৰুগড়ত জুলাই মাহত হ’ব লগা আগন্তুক পাঁচদিনীয়া কুঁহিৰ অনুষ্ঠানত স্মৃতিৰক্ষা সমিতিৰ বেনাৰত শিশুসকলৰ দ্বাৰা কুশল কোঁৱৰ বিষয়ক এটি অনুষ্ঠান পৰিৱেশন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *