...

শিলঘাট মৰাপাট কলত প্ৰাপ্য বিচাৰি হাবাথুৰি খোৱা ব্যৱসায়ীৰ চৰম হতাশাত ভুগি আত্মহনন

Spread the love

শিলঘাট মৰাপাট কলত প্ৰাপ্য বিচাৰি হাবাথুৰি খোৱা ব্যৱসায়ীৰ চৰম হতাশাত ভুগি আত্মহনন

পঞ্চাছ গৰাকী ব্যৱসায়ীয়ে লাভ কৰা নাই ৮ কোটি টকাৰ প্ৰাপ্য ধন

নগাঁও,

শিলঘাটৰ অসম সমবায় মৰাপাট কলত অবাঞ্ছিত ঘটনা। একপ্ৰকাৰ ব্যক্তিগত খণ্ডলৈ ধাৱমান হৈ অপমৃত্যুৰ দিশে গতি কৰা নগাঁও জিলাৰ শিলঘাটস্থিত মৰাপাট কলটোত এতিয়া সৃষ্টি হৈছে চৰম অচলাৱস্থাৰ। এই কলটোলৈ মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলৰ প্ৰাপ্য ৮ কোটি টকা আদায় দিব পৰা নাই কৰ্তৃপক্ষই। ইয়াৰ মাজতেই নিজৰ প্ৰাপ্য বিচাৰি হাবাথুৰি খোৱা এজন ব্যৱসায়ীয়ে চৰম হতাশাত ভুগি মৰাপাট কল চৌহদতে বিহপান কৰি নিজৰ জীৱন শেষ কৰাৰ অপচেষ্টা চলাই এজন ব্যৱসায়ীয়ে। যোৱা সোমবাৰে বিয়লি এই অবাঞ্ছিত ঘটনাটো সংঘটিত হয়। উত্থাপিত অভিযোগ অনুসৰি পৰিচালনা মণ্ডলিৰ কেতবোৰ ভুল সিদ্ধান্তৰ বাবেই সমবায়ৰ চৰিত্ৰ হেৰুৱাইছে সমবায় ভিত্তিত গঢ়ি উঠা এই মৰাপাট কলটোৱে। এতিয়াও ব্যৱসায়ীসকলে লাভ কৰা নাই প্ৰাপ্য ধন। প্ৰায় ৫০ গৰাকী ব্যৱসায়ীয়ে প্ৰাপ্য ধন বিচাৰি মৰাপাট কল কৰ্তৃপক্ষৰ ওচৰত তাঁতবাতি কৰিবলগীয়া হৈছে। ইয়াৰ পিচতো কৰ্তৃপক্ষই আওকণীয়া মনোভাৱ দেখুৱাই অহাৰ গুৰুতৰ অভিযোগ উঠিছে। কাগজে-কলমে কৰ্তৃপক্ষই লাভৰ মুখ দেখাৰ কথা প্ৰচাৰ কৰি আহিছে যদিও বাস্তৱত ইয়াৰ ছবিখন ওলোটা। কলটোৰ মৰাপাট যোগনীয়াৰক ৮ কোটি টকা আদায় দিবলৈ আছে। আত্মহননৰ চেষ্টা চলোৱা লাওখোৱাৰ ব্যৱসায়ীজনে পাবলগীয়া ১৩ লাখ ১৩ হাজাৰ ২৫৮ টকা বিচাৰি বাৰম্বাৰ মৰাপাট কল কৰ্তৃপক্ষৰ কাষ চাপিছিল যদিও বিফল হোৱাত মানসিক ভাৰসাম্য হেৰুৱাই মৰাপাট কলৰ চৌহদতে বিহপান কৰে। ইয়াৰ পূৰ্বে তেওঁ এটা টোকাও লিখে য’ত কল কৰ্তৃপক্ষৰ জনৈক শশী পুৰোহিত নামৰ বিষয়া এগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। বিহপান কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা ব্যৱসায়ীজনক ততালিকে জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মৰাপাট কলত মৰাপাট যোগান ধৰা ব্যৱসায়ীসকলে প্ৰতিজনে ১০-১২ লাখ টকাৰ পৰা ৩০-৩৫ লাখ টকা পাবলৈ আছে। বৃহৎ পৰিমানৰ ধন আদায় নোপোৱাত মৰাপাট যোগনীয়াৰসকল মানসিকভাৱে ভাগি পৰিছে। আনহাতে সোমবাৰে সন্ধিয়া কল কৰ্তৃপক্ষৰ সৈতে ব্যৱসায়ীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা উক্ত বৈঠকত কৰ্তৃপক্ষই দুদিনৰ ভিতৰত ব্যৱসায়ীসকলক ৬০ শতাংশ ধন আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *