ডিব্ৰুগড় সাহিত্য সভাৰ সাহিত্য দিৱস পালন
দুই শতাধিকে সমস্বৰে গালে চিৰ চেনেহী মোৰ ভাষা জননী,অ-মোৰ আপোনাৰ দেশ
চাইন অন ডেস্ক:
ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু দিনটো আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ মৃত্যু দিনটো সাহিত্য দিৱস ৰূপে পালন কৰে। এই উপলক্ষে ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি, নিৱন্ধকাৰ বিভাস দুৱৰাই। আনহাতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষক, নিবন্ধকাৰ ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক চন্দন ফুকনে। অনুষ্ঠানত বিশিষ্ট অনাতাঁৰ শিল্পী ভূৱন গগৈ আৰু বিশিষ্ট নৃত্য গুৰু ৰুবী গগৈ সন্দিকৈ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বন্তি প্ৰজ্বলন কৰি ডিব্ৰুগড়

বেজবৰুৱাৰ স্মৃতি দিৱস কেৱল এটা অনুষ্ঠান নহয়, ই অসমীয়া জাতিৰ মনোবল আৰু আত্ম-মৰ্যাদাবোধক শক্তিশালী কৰাৰ এক বিশেষ দিন। অসমীয়া সাহিত্যৰ ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ হিচাপে সুপৰিচিত, বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ দৰে অমৰ সৃষ্টিৰে অসমীয়া লোককথা সংৰক্ষণ কৰাই নহয় অসমীয়া জন জীৱনলৈ বিভিন্ন বিষয় আঙুলিয়াই দিয়া বুলি তেওঁ কয়।
জেষ্ঠ সাংবাদিক বিভাস দুৱৰাই চমু বক্তব্যত কয় যে,আধুনিক অসমীয়া ভাষা-সাহিত্যৰ পথিকৃৎ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ লেখনিৰ জৰিয়তে সমাজ সংস্কাৰকৰ পৰিচয় তেতিয়াই দিয়াৰ লগতে নিজে হাহি থকাৰ লগতে আনকো হাহি থাকিবলৈ লেখনী জৰিয়তে পৰামৰ্শ দিছিল।ব্ৰিটিচৰ আমোলত অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত কি দৰে অধিনায়কৰ ভূমিকা লৈছিল সেই সন্দৰ্ভত চমুকৈ কয়। একেদৰে অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী স্ৰষ্টা মিত্ৰদেৱ মহন্তই অসমীয়া ভাষা সাহিত্য সংস্কৃতি ক্ষেত্ৰলৈ আগবঢ়াই যোৱা অৱদান সদায় চিৰস্মৰণীয় বুলি কয়। সাহিত্য দিৱস কাৰ্যসূচীতে চিৰ চেনেহী মোৰ ভাষা জননী গীতটো অনাতাঁৰ শিল্পী ভূৱন গগৈ পৰিচালনাত আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাৰ ব্যৱস্থাপনাত দুই শতাধিক লোকে সমস্বৰে পৰিবেশন কৰে। কাৰ্যসূচীত ডিব্ৰুগড় সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা অসম চৰকাৰৰ যুৱ লেখক সন্মান প্ৰাপক অৰ্পণা ফুকন দাস, লেখক অমিত বৰুৱা, মীনাক্ষী শৰ্মা, মৌচুমী বৰ্মন সহ ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া সকল, সাংবাদিক লগতে 
——————-