পুনেত ৰাজা ৰঘুবংশী হত্যাৰ দৰেই অনুৰূপ ঘটনা!
প্রেমিকেৰে মিলি কইনাই পাহাৰৰ পৰা গঁতিয়াই হত্যা কৰিলে ভাবী স্বামীক
পুনে,২৪জুন:
পুনেত সংঘটিত হল ৰাজা ৰঘুবংশী হত্যাৰ দৰেই অনুৰূপ ঘটনা।প্রেমিকেৰে মিলি কইনাই পাহাৰৰ পৰা গঁতিয়াই হত্যা কৰিলে ভাবী স্বামীক।এই ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।

হত্যাকাণ্ড সদৃশ এটা ঘটনা মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে। সোনম ৰঘুবংশীয়ে প্রেমিকেৰে মিলি শ্বিলঙত হনিমুনৰ সময়ত ৰাজা ৰঘুবংশীক হত্যা কৰাৰ দৰে লোহাৰগড় দুর্গত যোৱা ১৮ জুনত বাগদত্তাৰ ছিয়া গোৱেলে প্রেমিকেৰে মিলি যুৱ ব্যৱসায়ী কেতন আগৰৱালাক হত্যা কৰে। আদিতে এয়া দুর্ঘটনাজনিত মৃত্যুৰ ঘটনা বুলি ভবা হৈছিল যদিও আৰক্ষীৰ তদন্তৰ ইয়াৰ প্ৰকৃত ৰহস্য
চেতন চৌধুৰীয়ে মিলি দুৰ্গৰ ওপৰৰ পৰা পেলাই হত্যা কৰিছিল। যোৱা ফেব্ৰুৱাৰীত কেতন আৰু ছিয়াৰ বাগদান অনুষ্ঠান হৈ গৈছিল। অহা নৱেম্বৰত উদয়পুৰত বিবাহৰ আয়োজন কৰাহৈছিল। ইয়াৰ বাবে ১৭ কোটি টকাৰে এখন হোটেল বুক কৰাৰ লগতে অভ্যাগতসকলক বিবাহ অনুষ্ঠানলৈ অনা-নিয়াৰ বাবে দুখন ব্যক্তিগত বিমানো ঠিক কৰা হৈছিল। কেতনৰ সৈতে বিয়াত মত নথকা ছিয়াই প্রেমিকেৰে মিলি তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে। ঘটনাৰ দিনা পুৱা প্রায় ১০.৩০ বজাত দুয়ো কেতনক দুৰ্গৰ পৰা ঠেলা মাৰি দিয়াত তেওঁৰ মৃত্যু হয়। তাৎপর্যপূর্ণ যে যোৱা ৩১ মে’তো ছিয়াই কেতনক একেটা দুৰ্গতে হত্যা কৰাৰ চেষ্টা কৰিছিল যদিও সেয়া সফল নহ’ল।