...

ডিব্ৰুগড়ত কবি-নাট্যকাৰ-পৰিচালক

Spread the love

ডিব্ৰুগড়ত কবি-নাট্যকাৰ-পৰিচালক

ৰফিকুল হোছেইনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

চাইন অন ডেস্ক:

অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যকাৰ, নাট পৰিচালক তথা সাংস্কৃতিক কৰ্মী সদ্যপ্ৰয়াত ৰফিকুল হোছেইনৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেওবাৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে লাহোৱালৰ বকুলস্থিত বান্ধৈ কৃষিপামত অনুষ্ঠিত কৰা হয়৷ ডিব্ৰুগড়ৰ ভালেসংখ্যক নাট্যকৰ্মী, অভিনেতা, নাট-পৰিচালক তথা ৰফিকুল হোছেইনৰ অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বান্ধৈ কৃষিপামৰ পদূলিত দুটি বকুল পুলি ৰোপনেৰে শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানত কবি-নাট্যকাৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাট্যকাৰ-পৰিচালক তথা চাবুৱা ডি ডি আৰ কলেজৰ অধ্যাপক ডঃ দিগন্ত দত্তই কয় যে- ৰফিকুল হোছেইন কোনোদিন নিজৰ আদৰ্শৰ পৰা বিচলিত হোৱা নাছিল৷ তেওঁ সদায় নিয়মানুৱৰ্তী আৰু অতি পৰিপাতি আছিল৷ নাটকত ৰং প্ৰয়োগৰ ক্ষেত্ৰত তেখেত খুউৱ সচেতন আছিল আৰু কবিতাত শব্দৰ প্ৰয়োগ আৰু চিত্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত অনন্য আছিল বুলি মন্তব্য কৰি ডঃ দিগন্ত দত্তই কয় যে নাটকত সৌন্দৰ্য সৃষ্টি, পোহৰ আৰু ৰং প্ৰয়োগৰ কথা ৰফিকদাক বাদ দি ভাবিবই নোৱাৰি৷ অন্য এগৰাকী অনুৰাগী, বিশিষ্ট নাট্যকৰ্মী জয়ন্ত দত্তই স্মৃতি ৰোমন্থন কৰি কয়– ‘নাটক মানে যে ‘টোটেল থিয়েটাৰ’ হ’ব লাগিব সেই কথাটো ৰফিকদাৰ পৰাই শিকিছিলো৷ মাইজানত ‘সপোনৰ বৃন্দাবন’ পৰিচালনা কৰিবৰ সময়ত তেখেতৰ সৈতে তিনিমাহ সান্নিধ্যত কটোৱা স্মৃতি ৰোমন্থন কৰি জয়ন্ত দত্তই কয় যে ৰফিকুল হোছেইন আছিল মানুহ ভাল পোৱা শিল্পী আৰু সহজেই মানুহক আপোন কৰি ল’ব পাৰিছিল৷ ৰফিকুল হোছেইনৰ পৰিচালনাত ডিব্ৰুগড়ত মঞ্চস্থ হোৱা ‘নীলা জোনৰ এনিশা’ নাটকৰ মূল চৰিত্ৰ ৰূপায়ন কৰা নাট্যকাৰ-অভিনেতা বিষ্ণু গোহাঁইয়ে কয়– ‘ৰফিকদাই অভিনয়ত সদায় পাৰ্ফেকচন বিচাৰে৷ নাটকক যে ইমান উচ্ছ পৰ্যায়লৈ লৈ যাব পাৰি সেয়া ৰফিকদাৰ নাটকত অভিনয় কৰাৰ পূৰ্বে জনা নাছিলো৷’ অভিনেতা সঞ্জয় দত্তই ৰফিকুল হোছেইনৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি কয় যে ৰফিকুল হোছেইনৰ মৃত্যু অসমৰ নাট্য-জগতৰ বাবে অপূৰণীয় ক্ষতি৷ ৰফিকুল হোছেইনে যেনেকুৱা অভিনয় বিচাৰিছিল তেনে অভিনয় দিয়াত নিজে ব্যৰ্থ হৈছিল বুলি তেওঁ দুখেৰে কয়৷ কবি-অধ্যাপক ডঃ নিৰোদ গোহাঁইয়ে কয় যে ৰফিকুল হোছেইন হৈছে নাটকৰ বাবে এক উৎসৰ্গিত প্ৰাণ আৰু এগৰাকী আড্ডাপ্ৰিয় ব্যক্তি আছিল৷ ‘শৰবিদ্ধ আকাশ’ৰ কবিতাখিনিয়ে অসমীয়া কাব্য-সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে বুলি মন্তব্য কৰি ডঃ গোহাঁইয়ে আৰু কয় যে লোক-সাহিত্যৰ শব্দ নতুন আংগিকেৰে ব্যৱহাৰ কৰি অসমীয়া কাব্য-সাহিত্যক তেখেতে সমৃদ্ধ কৰিছে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠাটোত বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱা, কবি বীৰেন গগৈ, ‘সময়ৰ কবিতা’ কাব্যালোচনীৰ সম্পাদক ৰমেশ শইকীয়াই সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানত কণ্ঠশিল্পী প্ৰাৰ্থনা ধাদুমিয়াই ৰফিকুল হোছেইনৰ গীত পৰিৱেশন আৰু ডাঃ কৌশিক বাস্যসে ৰফিকুল হোছেইনৰ কবিতা পাঠ কৰি অনুষ্ঠানটি বাংময় কৰি তোলে৷ চাবুৱাৰ নাট্যকৰ্মী মুকুট নেওগ, সৰল দত্ত, নিবেদিতা লাহন, ৰাণু দত্ত, কবি উজ্জ্বল চক্ৰৱৰ্তী, কপুল মৰাণ, সাংবাদিক ধৰণী গগৈ, লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্ত, সঞ্চিতা চৰাক, ৰাখি বকলিয়াল, কৃষিপাম সংগঠক দয়ানন্দ বৰুৱা, ৰাহুল কৰ্মকাৰ আদি ভালেসংখ্যক অনুৰাগী উপস্থিত থকা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটোৰ আঁত ধৰে কবি-লেখক ভূষণজ্যোতি সন্দিকৈয়ে৷ অনুষ্ঠানৰ শেষত বান্ধৈ কৃষি পামৰ তৰফৰ পৰা অভ্যাগত সকলোলৈকে কৃতজ্ঞতা আৰু শলাগৰ শৰাই জ্ঞাপন কৰে অৰ্পণা বড়াই৷

Leave a Reply

Your email address will not be published. Required fields are marked *