...

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত কৃষক-ছাত্র মুক্তিৰ উত্তাল প্ৰতিবাদ

Spread the love

 

 

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত কৃষক-ছাত্র মুক্তিৰ উত্তাল প্ৰতিবাদ

 

 

চাইন অন ডেস্ক:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে। আজি ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গী জিৰণি চ’ৰাত কৃষক-ছাত্র মুক্তিৰ শতাধিক কৰ্মীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত আৰু ন্যায় প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি শশী শেনছোৱাৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে জুবিনৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন আৰু ম্যাল্যাৰ্পনেৰে প্ৰতিবাদী কাৰ্যসূচী শুভাৰম্ভ কৰে। প্ৰতিবাদী কাৰ্যসূচীত কৃষক নেতা শশী শেনছোৱাই কয়, জুবিন দাই ন্যায় পাবই লাগিব। অসমীয়া জাতিৰ হৃদস্পণ্ডনস্বৰূপ জুবিনৰ মৃত্যুৰ ঘটনাত জড়িত দোষীক শাস্তি নিদিয়ালৈকে আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি উল্লেখ কৰে। আনহাতে এছ আই টিয়ে জুবিনক ন্যায় দিব নোৱাৰে বুলি উল্লেখ কৰি চিবিআইক তদন্তৰ দায়িত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে। ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় নগৰ সমিতিৰ সভাপতি বিজু তামুলী উপস্থিত থাকে। আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *