...

অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Spread the love

অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰীক ১৭ প্ৰশ্নৰ উত্তৰ বিচাৰিলে লুৰিণজ্যোতি গগৈয়ে

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সংবাদমেল

চাইন অন ডেস্ক:

অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগমণৰ প্ৰাকক্ষণত ৪৩ বছৰীয়া বিদেশীৰ বোজা প্ৰসংগত দেশৰ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অসম আৰু অসমীয়া জাতিক কি অন্যায়ত জাতিটোকে ধ্বংস কৰিব খোজা হৈছে বুলি মুকলি প্ৰশ্ন কৰিছে। আনহাতে পূৰ্বে অসম জাতীয় পৰিষদে ১৭ টা প্ৰশ্ন কৰিছিল, কিন্তু এইবাৰ ৩ টা প্ৰশ্নৰ উত্তৰ বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্য চৰকাৰে আয়োজন কৰা সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী অংশগ্ৰহণ কৰিবলৈ অহা প্ৰধানমন্ত্ৰী মোদীক লুৰিণজ্যোতি গগৈয়ে আদৰণি জনাই কয়, বিগত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সময়ত অজাপই ১৭ টা প্ৰশ্ন উত্থাপন কৰিছিলোঁ। আৰু কৈছিলো যে নৰেন্দ্ৰ মোদীয়ে দুদিনজোৰা অসম ভ্রমণ কালত আমি উত্থাপন কৰা প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে। কিন্তু তেওঁ এটাও প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ অসমৰ পৰা উভতি গ’ল। একেদৰে ২৮ আগষ্টত গৃহমন্ত্রী অমিত শ্বাহ অসমলৈ আহোঁতেও কেইটামান প্রশ্ন উত্থাপন কৰিছিলো। অমিত শ্বাহেও প্রশ্নকেইটাৰ উত্তৰ নিদিয়াকৈ গুছি গ’ল। আমি প্রশ্ন উত্থাপন কৰাৰ কাৰণ হ’ল, দেশৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী ৰাইজৰ ওচৰত সাংবিধানিকভাৱে দায়বদ্ধ। তেওঁলোক আমাৰ দেশৰ জনসাধাৰণৰ ভাগ্য নিয়ন্তা। তেওঁলোকৰ ওপৰত দেশৰ অন্য ৰাজ্যৰ দৰে অসমবাসী ৰাইজেও আশা-ভৰষা নিৰ্ভৰ কৰে। তেওঁলোকে অসমবাসীক ইতিপূর্বে যিসমূহ প্রতিশ্রুতি দিছিল, সেইসমূহ পূৰণ কৰা নাই। ৰাজনৈতিক দল হিচাপে সেইসমূহ তেওঁলোকক সোঁৱৰাই দিয়াটো আমাৰ দায়িত্ব। ইফালে সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ ওচৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰাৰ পিছতো তেওঁলোকে উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই; অর্থাৎ অসমবাসী ৰাইজৰ ওচৰত তেওঁলোকে দায়বদ্ধতা প্ৰদৰ্শন কৰা নাই। সেয়ে এইবাৰ মাত্র ৩ টা প্ৰশ্নৰ অৱতাৰণা কৰা বুলি উল্লেখ কৰি কয়, সম্প্রতি অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাইজ আন্দোলনমুখৰ হৈছে। বিজেপি দলে ইয়াৰ দৃষ্টি পত্র ২০১৬-২৫ (Assam Vision Document 2016-2025)ত অসমৰ ৬জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল। প্রধানমন্ত্রী মোদীয়ে নিজে ২০১৯ চনৰ ৩০ মাৰ্চত তিনিচুকীয়া জিলাৰ মৰাণ আৰু শোণিতপুৰ জিলাৰ গহপুৰত অনুষ্ঠিত হোৱা নির্বাচনী সভাত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল। কিন্তু- কিয় নকৰিলে। কিয় মিছা মাতিছিল? ৰাইজক আন্দোলন কৰিবলৈ কিয় বাধ্য কৰিছে? বুলি প্ৰশ্ন কৰে। লুৰিণজ্যোতি গগৈয়ে দ্বিতীয়টো প্ৰশ্ন উত্থাপন কৰি কয়, ২৮ এপ্রিল ২০১৪ত মোদীয়ে ঘোষণা কৰিছিল যে ১৬ মে’ৰ পাছত অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধি নিজ দেশলৈ উভতি যাব লাগিব। কিন্তু সেই ঘোষণাৰ ১১ বছৰ পিছতো মোদীয়ে সেই হুংকাৰ কাৰ্যকৰী নকৰিলে। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি বাৰে বাৰে প্ৰতিশ্ৰুতি দিও বিজেপি চৰকাৰে বিদেশী চিনাক্ত, বহিষ্কৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কর্তন একোৱে নকৰিলে। ওলোটাই ‘কা’ প্রণয়ন কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰিলে।
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ পৰামৰ্শ প্ৰদানৰ হকে স্বয়ং কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া ন্যায়াধীশ (অৱসৰপ্ৰাপ্ণ) বিপ্লৱ শৰ্মা কমিটিৰ প্রতিবেদন ‘দাৰি-কমা নকটাকৈ ৰূপায়ন কৰিম’ বুলি সংসদত ঘোষণা কৰিও সেই প্রতিবেদন এতিয়া অস্তিত্বহীন কৰি পেলালে। ‘কা’ প্ৰয়োগেৰে ৪৩ বছৰৰ অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ পাছত এতিয়া আকৌ Immigration and Foreigners (Exemption) Order, 2025ৰ আধাৰত ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ অবৈধ নাগৰিকক অসমত সংস্থাপিত কৰাৰ পথ মুকলি কৰিলে; আৰু অসমৰ ওপৰত এইবাৰ ৫৩ বছৰৰ অবৈধ বিদেশীৰ বোজা জাপি দিলে বুলি কৈ,
– ভাৰতৰ বুকুৰ এই সৰু ৰাজ্যখনে যিখন ৰাজ্যই (অসম) দুবাৰকৈ বিজেপি চৰকাৰ প্ৰতিষ্ঠা আৰু কেন্দ্ৰত বাজপেয়ীৰ দিনৰে পৰা বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। কিন্তু অসমীয়া জাতিটোক নিঃশেষ কৰি দিব পৰা সকলো কামেই কৰি আছে? তৃতীয়টো অৰ্থাৎ অন্তিমটো প্ৰশ্ন হ’ল, অসমৰ চাহৰ সুনাম পৃথিৱাজোৰা বিখ্যাত। নিজে ‘চাহৱালা’ৰ সন্তান বুলি প্রধানমন্ত্রীয়ে গৌৰৱ কৰে বুলি কৈ বাল্যকালত তেওঁ নিজে চাহ বিক্ৰী কৰা, সেই চাহ উৎপাদনৰ সৈতে জীৱন-জীৱিকা জড়িত থকা ৭৫লাখতকৈ অধিক লোক আছে। যি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২০ শতাংশতকৈ অধিক হ’ব। এইসকলৰ জীৱনৰ মান উন্নত কৰাৰ কোনো ফলপ্রসু পদক্ষেপ বিজেপি চৰকাৰে লোৱা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। চাহ শ্ৰমিকৰ মজুৰি দৈনিক ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্ৰতি দিছিল বিজেপিয়ে। সেই প্রতিশ্রুতিও যোৱা ৯ বছৰে পালন নকৰিলে বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয়, বিজেপি দলৰ প্ৰতি বিগত নির্বাচনসমূহত একচেটিয়া সমর্থন আগবঢ়োৱা এই উপান্ত জনগোষ্ঠীক বিজেপি চৰকাৰে ইমান প্ৰতাৰণা কিয় কৰিলে? ইয়াৰোপৰি অতিৰিক্তভাৱে আন কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। সেইসমূহৰ ভিতলত হ’ল, খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ কেতিয়া হ’ব? অবৈধ কয়লা খনন-সৰবৰাহ-ছিণ্ডিকেটৰাজ কেতিয়া বন্ধ হ’ব? দুর্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ হ’ব? অসমৰ ওপৰত ২৭খন টোলগে’টৰ বোজা কিয় জাপি দিয়া হ’ল? নামনি সোৱণশিৰি প্ৰকল্প কেতিয়া বন্ধ হ’ব? ৰাইজৰ বেংক একাউন্টত ১৫ লাখ টকা কেতিয়া সোমাব? খাদ্য দ্ৰব্যৰ মূল্য হ্রাস হৈ ‘ভাল দিন’ (আচ্ছে দিন) কেতিয়া উভতি আহিব?
অসমৰ বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ হ’ব? বিজুলীৰ ‘স্মার্ট মিটাৰ’ কেতিয়া উঠাই লৈ যোৱা হ’ব? মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধ্বংসৰ চৰকাৰী ষড়যন্ত্ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ কিয় উদাসীন? কৃষকৰ আয় কেতিয়া দুগুণ হ’ব? অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কেতিয়া উভতাই দিয়া হ’ব? অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু তেওঁৰ ঘনিষ্ঠসকলৰ দুৰ্নীতিৰ তদন্ত কেতিয়া হ’ব? উল্লেখযোগ্য যে, আজিৰ সংবাদমেলত অজাপৰ উপ-সভাপতি বীৰেন বৰুৱা, মইনাক পাত্ৰ, পংখী শইকীয়া আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *