ডিব্ৰুগড় সাহিত্য সভা ভৱনত গীতিকবিৰ ১২১সংখ্যক জন্মদিৱস উদযাপন
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কালজয়ী গীতত প্ৰাণ পাই উঠিল
চাইন অন ডেস্ক:
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত অসমৰ প্ৰাকৃতিক দৃশ্য, যেনে নদী, পৰ্বত, আৰু ফুলৰ মনোমোহা চিত্ৰণেৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে। ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিশিষ্ট সাংবাদিক যাদৱ গগৈয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ ১২১ সংখ্যক জন্মদিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এনেদৰে কয়। ডিব্ৰুগড় সাহিত্য সভা আৰু মূৰ্চনা সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হোৱা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্মদিৱসৰ বন্তি প্ৰজ্বলন কৰি তেওঁ লগতে কয় যে , তেওঁৰ গীতবোৰে অসমীয়া জাতিৰ গৌৰৱময় ইতিহাস, ঐতিহ্য আৰু স্বকীয় বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দি জাতিয়তাবাদী চেতনাক প্ৰজ্বলিত কৰি গৈছে।
অনুষ্ঠানটো আঁত ধৰি বিশিষ্ট নিৱন্ধকাৰ সুমন দত্তই কয় যে,তেওঁৰ গীতবোৰে অসমীয়া মানুহক নিজৰ শিপা আৰু পৰিচয়ৰ সৈতে সংযোগ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছে।ডিব্ৰুগড়

অনুষ্ঠানৰ শেষত মুৰ্চনা সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা সংগীত গুৰু অনাতাঁৰ শিল্পী ভূৱন গগৈয়ে শলাগৰ শৰাই জ্ঞাপন কৰা লগতে জাতীয় সংগীতেৰে অনুষ্ঠান সামৰণি মৰা হয়। অনুষ্ঠানত বিশিষ্ট নৃত্য গুৰু ৰুবী গগৈ সন্দিকৈ, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা ডিব্ৰুগড় সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ আহ্বায়িকা ভাৰতী দুৱৰা বৰুৱা, সহকাৰী আহ্বায়িকা যানি সোণোৱাল, লেখক অমৃত
