Skip to content অভিযান প্রতিশোধ (Operation Vengeance)
আলফাৰ দায়িত্ব স্বীকাৰ
কাকপথাৰস্থিত সেনা শিবিৰত আক্ৰমণ
চাইন অন ডেস্ক:
আজি ইংৰাজী ১৭ অক্টোবৰ ২০২৫ তাৰিখে প্রায় ০০:৪০ বজাত “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ অধীনস্থ “সংযুক্ত মুক্তি ফৌজ অসম’ৰ সেনানী সকলে “অভিযান প্রতিশোধ (Oparation Vengeance)”ৰ জড়িয়তে তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীৰ “১৯ নং গ্রণেদিয়াৰ” শিবিৰত এক সামৰিক অভিযানৰ কাৰ্য্যসূচী ৰূপায়ন কৰে। উক্ত সামৰিক অভিযানত দখলদাৰী বাহিনীৰ তিনিজনতকৈ অধিক সেনা জোৱান হতাহত হয়।
“অভিযান প্ৰতিশোধ”ৰ জড়িয়তে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ স্পষ্ট বার্তা যে- “ঔপনিৱেশিক ভাৰতীয় শাসকে তাৰ দখলদাৰী বাহিনীৰ দ্বাৰা যিমানেই অত্যাধুনিক প্রযুক্তি ব্যৱহাৰেৰে আমাৰ সংগঠনক নিঃশেষ কৰিবলৈ নিবিচাৰক কিয়; সিয়ে আমাক কোনো কালেই আমাৰ ঈপ্সিত লক্ষ্য-উদ্দেশ্য, নীতি-আদৰ্শৰ পৰা বিচলিত কৰিব নোৱাৰে। বৰঞ্চ দখলদাৰী বাহিনীৰ তেনে বৰ্বৰতাই আমাক আমাৰ মনোবল আৰু অধিক দৃঢ় কৰাত প্ৰেৰণা আৰু উৎসাহে যোগাব।
২য় লেঃ ঈশান অসম
সহঃ সম্পাদক, প্ৰচাৰ বিভাগ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)