Skip to content নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত এদিনীয়া কৰ্মশালা
নগাঁও,30আগষ্টঃ-– জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,নগাঁৱৰ উদ্যোগত আৰু অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড আৰু উত্তৰ পূৰ্বাঞ্চল হস্ততাঁত আৰু হস্তকলা উন্নয়ন নিগমৰ সহযোগিতাত বিশ্ব বেংকৰ সহায়ত চলি থকা “RAMP” (Raising and Accelerating MSME Performance)আঁচনিৰ অধীনত নগাঁও শ্বহীদ ভৱনত আজি কাৰিকৰী বিশেষজ্ঞৰে ক্ষেত্ৰ পৰ্যায়ত মত বিনিময়ৰ এদিনীয়া এখনি কৰ্মশালা অনুষ্ঠিত হয় । এই কৰ্মশালা খনিত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি শুভ উদ্বোধন কৰে। উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে মুম্বাইৰ লিজ্জ্ত পাপৰ উদ্যোগৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে,আমি সকলোৱেই সপোন দেখাটো অতি প্ৰয়োজনীয়।লগতে আমি সকলোৱে নিজৰ ব্যৱসায়ৰ বাৰ্ষিক মূল্যায়ন কৰি নিজৰ উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমান যুগৰ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু চৰকাৰী সা-সুবিধা গ্ৰহণ কৰি ব্যৱসায়ৰ উন্নতিত মনোযোগ দিব লাগিব। আয়ুক্তগৰাকীয়ে উদ্যোগীসকলক নিজৰ উৎপাদিত সামগ্ৰীত নতুনত্ব আৰু সুন্দৰতা আনি সামগ্ৰী সমূহৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাত মনোনিবেশ কৰাৰ লগতে আজিৰ এই প্ৰশিক্ষণৰ পৰা আয়ত্ব কৰা কাৰিকৰী জ্ঞান সমূহ নিজৰ কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।
কৰ্মশালাখনিৰ লগত সংগতি ৰাখি জিলা শ্বহীদ ভৱনৰ প্ৰাংগণত আয়োজিত হস্ত নিৰ্মিত শিল্পৰ প্ৰদৰ্শনীখন জিলা আয়ুক্তই পৰিদৰ্শন কৰি উদ্যোগী সকলৰ সৈতে মত বিনিময় কৰে।জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,নগাঁৱৰ যোগমন ডেকাৰজাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা এই কৰ্মশালাখনিত আদৰণী ভাষণ আগবঢ়াই উত্তৰপূৰ্বাঞ্চল হস্ততাঁত আৰু হস্তকলা উন্নয়ন নিগমৰ বিষয়া প্ৰতীম নাথে। নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক প্ৰাঞ্জন ৰাজ মেধিয়ে কৰ্মশালাটিৰ উদ্দেশ্য ব্যাখ্যা কৰি এই কৰ্মশালাটিৰ গুৰুত্ব আৰু লক্ষ্যৰ ওপৰত আলোকপাত কৰে। আজিৰ এই কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গীৰেন চৰকাৰ,EDDIৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল ৰাজখোৱা আৰু উত্তৰ পূৰ্বাঞ্চল হস্ততাঁত আৰু হস্তকলা উন্নয়ন নিগমৰ বিষয়া শ্বাৰিফ হুছেইনে “Make in Assam”,ODOP আৰু GI Taggingৰ দৰে চৰকাৰী উদ্যোগৰ প্ৰাসংগিকতা বিষয়ে অৱগত কৰাৰ লগতে উদ্যোগীসকলক ONDC,Gem, Amazon,Flipkart আদি ডিজিটেল প্লেটফর্ম ব্যৱহাৰ আদি বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়।
কৰ্মশালাখনত জিলাখনৰ ১৭০ গৰাকীৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলক উৎপাদন,নক্সা,ব্ৰেডিং, পেকেজিং,গুণগত মান উন্নয়ন, ডিজিটেল বিপনন আৰু ই-কমাৰ্চৰ বিস্তাৰৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়।
কৰ্মশালাৰ শেষত অসম ৰাজ্যিক উন্নয়ন নিগম (অন্যান্য পিছপৰা শ্ৰেণী) ৰ উপাধ্যক্ষ অভিজিৎ নাথে প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ সমূহ প্ৰদান কৰে। আজিৰ এই কৰ্মশালাখনিত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ বিষয়া য়েচমিন লস্কৰ,জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া,জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক বিপুল চন্দ্ৰ দাস আৰু জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উপ হস্ততাঁত বিষয়া প্ৰশান্ত ৰংপী,জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ বিষয়া হাছান মেহমুদকে প্ৰমুখ্য কৰি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ।
নগাঁও