...

পেট্ৰল-ডিজেলৰ নাটনি হোৱা নাই!

Spread the love

পেট্ৰল-ডিজেলৰ নাটনি হোৱা নাই!

 

ডিব্ৰুগড়ত মজুত পৰ্যাপ্ত পেট্ৰল-ডিজেলঃ জিলা আয়ুক্ত

 

চাইন অন ডেস্ক:

পেট্ৰল-ডিজেলৰ নাটনি হোৱা নাই। ডিব্ৰুগড়ত মজুত আছে পৰ্যাপ্ত পেট্ৰল-ডিজেল। জিলাৰ আয়ুক্তই এক সংবাদমেলৰ জৰিয়তে এই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰে।তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰি উল্লেখ কৰে যে ইন্ধনক লৈ কোনো আতংকৰ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান জনাই কয় যে, সমগ্ৰ ৰাজ্যখনত তেলৰ নাটনি হোৱা নাই। তেনেদৰেই ডিব্ৰুগড় জিলাত ইন্ধনৰ কোনোধৰণৰ অভাৱ বা নাটনি হোৱা নাই। আই অ’ চি, এইচ পি চি সকলোৰে লগত প্ৰচুৰ পৰিমানৰ ইন্ধন মজুত আছে।দৰাচলতে পেট্ৰল-ডিজেলৰ নাটনিক লৈ এক উৰাবাতৰি বিয়পি পৰা, গ্ৰাহকে প্ৰয়োজনাধিক ইন্ধন সংগ্ৰহ কৰাৰ বাবেই ডিপু বিলাকত সময়ৰ পূৰ্বে ইন্ধন শেষ হৈছে বুলি মন্তব্য কৰিছে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। পুনৰাই জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে উল্লেখ কৰি কয় যে, ডিব্ৰুগড় জিলাত ৮০ টা তেল ডিপো আছে। প্ৰতিটো তেল ডিপোতে লোডিং চলি আছে। অৱশ্যে বহুকেইটা ডিপোত তেল শেষ হোৱাৰ বাবে এই পৰিৱেশ হোৱা বুলি উল্লেখ কৰি নিশাৰ ভিতৰত ডিপোসমূহত লোডিং প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে। একাংশ ডিপো কৰ্তৃপক্ষই আই অ’ চি এলক ধন পৰিশোধ কৰিব নোৱাৰাৰ কাৰণতো ডিপোসমূহলৈ তেল যোগান বন্ধ ৰাখিবলগীয়া হোৱাৰ কথাও জিলা আয়ুক্তই সংবাদমেলত সদৰি কৰে। আই অ’ চি এলে দুই-তিনিমাহ পূৰ্বৰে পৰা ডিপো কৰ্তৃপক্ষক বাকী ধন আদায় কৰিবলৈ আহ্বান জনাই আহিছিল। পেট্ৰল-ডিজেল নাটনি হোৱা বুলি কোনোৱেও উৰা বাতৰি বিয়পি নিদিবলৈ আহ্বান জনাই জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আৰু কয়, প্ৰয়োজনতকৈ অধিক তেল ক্ৰয় নকৰিব। যদি এনেকৈ চলি থাকে, তেন্তে আমি তেল ক্ৰয় কৰাত পৰিমাণ নিৰ্ধাৰণ কৰিব লাগিব। তেল যোগানত আমাৰ কোনো সমস্যা নাই। ইতিমধ্যে পৰ্যাপ্ত পৰিমাণে তেল মজুত আছে। বিশেষকৈ অসমৰ ক্ষেত্ৰত একোৱেই সমস্যা নাই। কৃত্ৰিমতাৰে আমি নিজে নিজে সমস্যাৰ উদ্ভৱ কৰিব নালাগে। দৈনন্দিন সূচীত চলি থাকক। উল্লেখ্য যে, পেট্ৰল-ডিজেলৰ নাটনি হোৱাৰ আশংকা

Hand, person or gas station with fuel gun, machine and transport cost for energy, pistol or petrol service. Closeup, gasoline or motor vehicle maintenance at garage to pump tank on road trip travel

প্ৰকাশ কৰি ডিব্ৰুগড়ত একাংশ ডিপোত গ্ৰাহকৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হয়। দুই-এখন ডিপো বন্ধ থকাৰ বিপৰীতে খোলা ডিপোসমূহত ব্যাপক ভিৰ কৰিছে গ্ৰাহক। ইয়াকে লৈ ডিব্ৰুগড়ত যান-বাহন গৰাকীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *