...

নেপালত উত্তপ্ত পৰিস্থিতিৰ মাজতে জে’লৰ পৰা পলাল ১৫ হাজাৰ কয়দীৰ পলায়ন

Spread the love

 

 

নেপালত উত্তপ্ত পৰিস্থিতিৰ মাজতে জে’লৰ পৰা পলাল ১৫ হাজাৰ কয়দীৰ পলায়ন

 

 

ভাৰতত প্ৰৱেশৰ চেষ্টা নেপালৰ পলাতক অপৰাধীৰ

 

 

কাঠমাণ্ডু:

বিদ্ৰোহৰ জুই জ্বলিয়ে আছে নেপালত। মুক্তভাৱে চলিছে লুটপাত। বেংক ডকাইতিৰ পৰা উদ্যোগপতি আৰু নেতাৰ ঘৰবোৰক লুটপাতৰ লক্ষ্য কৰি লৈছে একাংশ বিদ্রোহীয়ে। ইয়াৰ মাজতে নেপালৰ বিভিন্ন কাৰাগাৰৰ পৰা পলায়ন কৰিছে প্রায় ১৫ হাজাৰ কুখ্যাত অপৰাধী। তাতোকৈ ভয়ংকৰ কথা এয়ে যে এই দুর্ধর্ষ অপৰাধীসকলে আত্মগোপনৰ বাবে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আছে। এই লৈ ভাৰতত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। সীমান্ত অঞ্চলত ভাৰতীয় সেনাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

কালি উত্তৰ প্রদেশত ৫জন জে’লৰ পৰা পলোৱা অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কাঠমাণ্ডুৰ দিল্লী বজাৰ কাৰাগাৰ, চিটৱান, নখো, ঝুমকা আৰু জলেশ্বৰকে ধৰি কেইবাখনো কাৰাগাৰৰ পৰা কয়দীয়ে পলায়ন কৰিছে। ইয়াৰ মাজতে আছে একাংশ নাবালক কয়দী। এইসকলক সংশোধনী কেন্দ্রত বখা হৈছিল। কাৰাগাৰৰ পৰা পলোৱাৰ চেষ্টা কৰাৰ সময়ত সেনাৰ গুলীত ইতিমধ্যে পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ৭জন আহত হৈছে। এইসকলৰ ভিতৰত নাবালক কয়দী আছে। জেন জেড প্রতিবাদে নেপালত কেৱল চৰকাৰকে পতন ঘটোৱা নাই, দেশখনত হিংসাত্মক পৰিস্থিতিয়ে ক্ৰমাৎ তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। সন্ধিয়া পাঁচ বজাৰ পৰা দেশখনত সান্ধ্য আইন বলবৎ কৰা হৈছে।

নেপালৰ কে পি অলি শৰ্মা চৰকাৰৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপন কৰাৰ সময়তে দেশখনত ফেচবুক, ইউটিউবকে ধৰি ২৬ প্ৰকাৰৰ ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিছিল। ইয়াৰ পিছতে যুৱপ্ৰজন্মৰ নেতৃত্বত চৰকাৰৰ দুর্নীতি আৰু ছ’চিয়েল মিডিয়া বন্ধৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে শ শ জনতা। জনতাৰ ক্ষোভৰ সন্মুখত অলিয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়। দেশখনত পৰিস্থিতি এতিয়াও অতি ভয়াৱহ হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *